অৱতাৰ আৰু বিগ বছত চকু আবদ্ধ হৈ থাকিল ৰােগীৰ ও গুণ্টুৰৰ বৰা প্ৰসাদৰ জটিল অস্ত্রোপচাৰ

Screenshot 69

মগজুৰ জটিল অস্ত্রোপচাৰ কৰাৰ সময়তাে টেলিভিছনত অনুষ্ঠান চাই সময় পাৰ কৰিলে অন্ধ্রপ্রদেশৰ এজন লােকে। অস্ত্রোপচাৰ চলা সময়ছােৱাত সম্পূর্ণভাৱে টেলিভিছনৰ পর্দাতে চকু আবদ্ধ কৰি ৰাখিছিল লােকজনে। অন্ধ্রপ্রদেশৰ গুণ্টুৰৰ বাসিন্দা এই লােকজনৰ নাম বৰা প্রসাদ। ৩৩ বছৰ বয়সীয়া এই লােকজনৰ মগজুৰ মটৰ কর্টেক্সৰ ওচৰৰ বাওঁফালে প্রিমটাৰত বাৰে বাৰে গ্লিঅমা হৈছিল।

ADVERTISEMENT

ফলত অস্ত্রোপচাৰ কৰি ইয়াক আঁতৰ কৰাটো প্রয়ােজন হৈছিল। কিন্তু অস্ত্রোপচাৰৰ সমগ্র সময়ছােৱা লােকজনক জগাই ৰখাটো প্রয়ােজন হৈছিল। চিকিৎসকৰ পৰা জনােৱা হৈছে এই কথা। এনে দিশৰে অস্ত্রোপচাৰ কার্যও অতিকৈ জটিল হােৱাটোও পূর্বেই নিশ্চিত হৈ পৰিছিল। ফলত চিন্তা কৰা হ’ল এই অস্ত্রোপচাৰৰ সময়ত কিদৰে লােকজনক জগাই ৰাখিব পাৰি। সেয়েহে টেলিভিছন ‘অন’ কৰি আৰম্ভ কৰি দিয়া হয় অস্ত্রোপচাৰ হয়। বৰা প্রসাদে প্রথমে চাবলৈ আৰম্ভ কৰে জেমছ কেমেৰুণৰ অস্কাৰজয়ী চলচ্চিত্র ‘অৱতাৰ। ইয়াৰ পাছত চকু স্থিৰ কৰে ছলমান খানৰ ‘বিগ বছ’ত।

গুন্টুৰ জিলাৰ এখন বেচৰকাৰী হাস্পতালত এই জটিল অস্ত্রোপচাৰ কার্য সম্পন্ন হয়। অৱতাৰ আৰু বিগ বছ চাই শেষ কৰালৈ অস্ত্রোপচাৰ কার্য প্রায় শেষ সময়ত উপস্থিত হৈছিল। হাস্পতাল কর্তৃপক্ষই জনােৱা অনুসৰি বৰা প্ৰসাদৰ অস্ত্রোপচাৰ কৰে নিউৰ’চার্জন শ্রীনিবাস ৰেড্ডী আৰু শেষাদ্রি শেখৰে। অস্ত্রোপচাৰত এনাস্থেটিষ্ট ত্রিনাথে সহায় কৰে। অস্ত্রোপচাৰৰ পাছত বর্তমান সম্পূর্ণভাৱে সুস্থ হৈ উঠিছে বৰা প্ৰসাদ। যােৱা শনিবাৰে ৰােগীক হাস্পতালৰ পৰা ঘৰলৈকো যাবলৈ দিয়া হৈছিল।

Exit mobile version