কংগ্ৰেছ নেতা আহমেদ পেটেলৰ মৃত্যু

images 2

প্ৰবীণ কংগ্ৰেছ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ছোনিয়া গান্ধীৰ ঘনিষ্ঠ ৰাজনৈতিক পৰামৰ্শদাতা আহমেদ পেটেলৰ আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত গুৰগাৱৰ মেদান্ত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল 71 বছৰ। পুত্র ফাইজাল পেটেলে twitter ত এই বিষয়ে সদৰী কৰে। কৰ’নাত আক্ৰান্ত হৈ পৰিস্থিতিৰ অৱনতি হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শৰীৰৰ সকলো অংগ বিকল হোৱাত আজি ৭১ বছৰীয়া জনপ্ৰিয় নেতাজনৰ মৃত্যু হয়।১৯৪৯ ৰ ২১আগষ্টত জন্মগ্ৰহণ কৰা পেটেলৰ সম্পূৰ্ণ নাম আছিল আহমেদভাই মহম্মদভাই পেটেল। সকলোৱে তেখেতক আহমেদ পেটেল বুলিয়েই জানিছিল। পাঁচবাৰ ৰাজ্যসভাৰ আৰু তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা পেটেলে
মৃত্যুৰ সময়ত পত্নী মেমুনা আহমেদ, পুত্ৰ ফ‌ইজল, কন্যা মুমতাজ পেটেলৰ সৈতে অখংখ্য গুণমুগ্ধক এৰি থৈ যায়।

ADVERTISEMENT

Exit mobile version