নগাঁৱৰ ভোটাইগাঁৱত চাঞ্চল্যঃ কৰণত গা-ধুবলৈ গৈ সন্ধানহীন চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ দুজনকৈ ছাত্ৰ

IMG 20201125 WA0000

নগাঁৱৰ জিলাৰ ভোটাইগাঁৱত আজি দুপৰীয়া এক শোকাবহ ঘটনা সংঘটিত হয় । কলঙৰ গা-ধুবলৈ গৈ সন্ধানহীন হৈছে অঞ্চলতোৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ দুজনকৈ ছাত্ৰ । নিৰুদিষ্ট ছাত্ৰ দুজনৰ নাম ত্ৰিদিপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) বুলি জানিব পাৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যালয়খনৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছয় জনীয়া ছাত্ৰৰ এটা দলে ভোটাইগাঁৱৰ খেলপথাৰৰ এটা প্ৰেক্ষাগৃহত বিজ্ঞানৰ প্ৰজেক্টৰ কামত ব্যস্ত আছিল । ইয়াৰ মাজতে ত্ৰিদিপ কলিতা আৰু বিকাশ বৰাই কলঙত গা-ধুবলৈ গৈ সন্ধানহীন হয় । ছাত্ৰ দুজনক বচাবলৈ সতীৰ্থ ছাত্ৰই চেষ্টা কৰিও ব্যৰ্থ হয় ।

নিৰুদিষ্ট ছাত্ৰ দুজনৰ সন্ধানত ইতিমধ্যে কলঙৰ বুকুত এছ ডি আৰ এফৰ দলে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ সময়লৈকে নিৰুদিষ্ট ছাত্ৰদ্বয়ৰ সন্ধান ওলোৱা নাই । ছাত্ৰ দুজনৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে । কলঙত সন্ধানহীন ছাত্ৰ দুজনৰ সহপাঠী প্ৰণৱ বৰাই সাংবাদিকৰ আগত কয়, ‘আমি চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ ছয়জন ছাত্ৰই ‘চ’লাৰ চিষ্টেম’ৰ এক প্ৰজেক্টত কাম কৰি আছিলো । দুপৰীয়া বিকাশ আৰু ত্ৰিদীপে কলঙলৈ যোৱাত তাত ডুব যাব ধৰে । তাকে দেখি মই বচাবলৈ গৈছিলো । কিন্তু মইয়ো ডুব যাব ধৰাত মোক মণিচন্দে বচায় ।’

আন এজন ছাত্ৰ মণিচন্দে কয়, ‘সিহঁতে গা ধুবলৈ গৈছিল । পানীত ডুবিব ধৰাত প্ৰণৱে বচাব ধৰিছিল; কিন্তু সিয়ো ডুবিব ধৰাত মোক মতাত মই গৈ তাক বচাওঁ। কিন্তু ত্ৰিদীপ আৰু বিকাশ ডুব যায় । সিহঁতক দেখাই নাপালো ।’

Exit mobile version