এণ্টাৰ্কটিকাৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰটোত আৰম্ভ হৈছে গলন

antartika kar

ভয়ংকৰ বিপদে অপেক্ষা কৰি আছে বিশ্ববাসীলৈ । উষ্ণতা বৃদ্ধিৰ ফলত এণ্টাৰ্কটিকাৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰটো গলিবলৈ আৰম্ভ কৰাৰ মুহূৰ্ততে বিশ্ববাসীক এই সকীয়নি প্ৰদান কৰিছে বিজ্ঞানী মহলে । বিশ্ববাসীৰ নিজৰ দোষৰ বাবেই এনে এক ধ্বংসমুখী গতি আৰম্ভ হোৱাৰো অভিযোগ কৰিছে বিজ্ঞানী মহলে । উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে সমুদ্ৰৰ পানী উত্তৰোত্তৰ গৰম হৈ যোৱাৰ ফলতে এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰবিলাক গলিবলৈ লৈছে । এক নতুন গবেষণাত এই তথ্য প্ৰকাশ পাইছে । বিজ্ঞান জাৰ্ণেল প্ৰচিডিংচ অব দ্য নেচনেল একাডেমী অব চায়েন্সচ’ (পিনাচ)ত এই সন্দৰ্ভত বিতংভাৱে প্ৰকাশ পাইছে ।

পৃথিৱীৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰ (আইচ শিট)তো আছে দক্ষিণ মেৰুত। এণ্টাৰ্কটিকাৰ এই বৰফৰ স্তৰক ‘ইষ্ট এণ্টাৰ্কটিকা আইচ শিট’ নামেৰে জনা যায়। সমুদ্ৰপৃষ্ঠৰ পৰা আৰম্ভ হোৱা এই স্তৰটোৰ উচ্চতা প্ৰায় তিনি হেজাৰ মিটাৰ । মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ প্ৰায় ৩৫-৪০ ভাগ । ইয়াৰ বিশালতা প্ৰায় দুই কোটি ৭০লাখ ঘন কিলোমিটাৰ । এই বৰফৰ আদিৰে সমুদ্ৰৰ জলস্তৰ ৫৮ মিটাৰ বা ১৯০ ফুট পৰ্যন্ত ওপৰলৈ আহিব । নিশ্চিহ্ন হৈ যাব বহু নগৰ-চহৰ । পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ পৰিব বহুবিলাক দেশ । বৰফৰ স্তৰটো গলিবলৈ লোৱাৰ ফলত চলিত শতিকাৰ মাজভাগলৈকে সমুদ্ৰৰ জলস্তৰ তিনি-চাৰি ফুটৰ পৰা সাত-১০ ফুটলৈ বৃদ্ধি পাব । ফলত ভাৰতৰ লগতে আমেৰিকা-ইউৰোপতো ইয়াৰ প্ৰভাৱ পৰিব । জাৰ্মানীৰ হাইডেল বাৰ্গ বিশ্ববিদ্যালয়ৰ লগতে ইংলেণ্ডৰ চাউদাম্পটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে যৌথভাবে এই সন্দৰ্ভত গবেষণা অব্যাহত ৰাখিছে ।

দুই কোটি ৮০ লাখৰ পৰা দুই কোটি ৪০ লাখ বছৰ পূৰ্বে এণ্টাৰ্কটিকাৰ অৱস্থা তথা বায়ুমণ্ডলত থকা বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানীসকলে বৰফৰ স্তৰ গলিবলৈ লোৱাৰ সময় নিৰ্ধাৰণ কৰিছে । গবেষণাত লাভ কৰা তথ্য অনুসৰি, দ্ৰুতগতিত বৃদ্ধি পাবলৈ লোৱা উদ্যোগৰ লগতে অপৰিশোধিত তেল আৰু প্ৰাকৃতিক গেছৰ অপব্যৱহাৰৰ ফলত বৰ্তমান যিদৰে কাৰ্বন-ডাই-অক্সাইড তথা ছালফাৰ-ডাই-অক্সাইডৰ দৰে বিষাক্ত গেছ বাঢ়ি আহিছে । তেনেদৰেই দুই কোটি ৪০ লাখ বছৰ পূৰ্বতো অৱস্থা একে আছিল । কাৰণটো ভিন্ন হ’লেও সেই সময়ত সৌৰশক্তিৰ ফলত পৃথিৱীৰ বুকু দহন হোৱাত একে অৱস্থাৰ সৃষ্টি হৈছিল । বৰ্তমানতকৈ সেই সময়ত সূৰ্যৰ উত্তাপো অধিক আছিল সেই সময়ত এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰ গলি গৈছিল । পাছত প্ৰায় দুই কোটি ৫০ লাখ বছৰৰ পৰা পুনৰ পৃথিৱীখন শীতল হ’বলৈ আৰম্ভ কৰাৰ নতুনকৈ বৰফ জমা হ’বলৈ লয় ।

সেই সময়ত জমা হোৱা বৰফ পুনৰ আৰু গলি যোৱা নাছিল । আনহাতে, উত্তৰ মেৰুত নতুনকৈ বৰফ জমা হ’বলৈ আৰম্ভ কৰাৰ সমুদ্ৰৰ জলস্তৰ লাহে লাহে নিম্নগামী হয় । ইয়াৰ ফলতো এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰ প্ৰায় একে অৱস্থাত ৰৈ যায় । কিন্তু উত্তৰ মেৰুত বৰফ গলি সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ লোৱাত এণ্টাৰ্কটিকাটো বৰফৰ স্তৰ গলিবলৈ আৰম্ভ কৰে । বিজ্ঞানী‌ মাহলে আশংকা কৰা অনুসৰি এণ্টাৰ্কটিকাত গলিবলৈ আৰম্ভ কৰা বৰফৰ স্তৰক ৰক্ষা কৰাটো আৰু সম্ভৱ নহ’ব । ইয়াৰ লগে লগে বিশ্বাবাসীয়ে অধিক ভয়াবহ দিনৰ সন্মুখীন হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিল ।

Exit mobile version