ডাম্বেল হাতত লৈ শাৰীৰিক অনুশীলন কৰিবলে ৮২ বছৰীয়া পালোৱান আইতাই

৮০ বছৰ বয়সত পুনৰ নতুন জীৱন আৰম্ভ কৰাটো সম্ভৱ নে ? নিশ্চিতভাৱেই সম্ভৱ । চেন্নাইৰ এগৰাকী ‘পালোৱান’ আইতাই এই বিষয়ত আইতাই এই বিষয়ত সকলোৰে ধাৰণাক পৰিৱৰ্তন কৰাৰ লগতে উত্থাপিত প্ৰশ্নটোৰ ইতিবাচক উত্তৰ প্ৰদান কৰিছে । শাৰিৰীক প্ৰতিকূলতাই য’ত জীৱনটোক আহি স্তব্ধ কৰি দিয়ে তেনে মুহূৰ্তত নিশ্চিতভাৱে জীৱনৰ আনন্দ উপভোগ কৰাৰ ইচ্ছা ম্লান হৈ পৰে । কিন্তু চেন্নাইৰ পালোৱান আইতাই সকলোকে দিছে নতুন পথৰ সন্ধান । ৮২ বছৰ বয়সত হাতত ডাম্বেল তুলি লৈ আইতাই নিজস্ব ধৰণৰেই দিলে এক নতুন শিক্ষা । ভাৰোত্তলনতো অংশ লৈছে এইগৰাকী আইতাক ।

সম্প্ৰতি নিজ ঘৰতেই আইতাই নাতিসকলৰ স’তে গ্ৰহণ কৰিছে জিমৰ প্ৰশিক্ষণ । আইতাৰ শাৰিৰীক অনুশীলনৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হয় পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টি আপলোড কৰে চেন্নাইৰে বাসিন্দা চিৰাগ এজন জিম প্ৰশিক্ষক । যোৱা কে’বামাহ ধৰি শৰীৰৰ ব্যথাত ভুগিছিল ৮২ বছৰীয়া আইতাগৰাকী । চিকিৎসকে এই বয়সত আইতাৰ চিকিৎসাৰ কোনো নতুন আশা দেখিবলৈ পোৱা নাছিল; কিন্তু চিৰাগে পৰাজিত হ’ব বিচৰা নাছিল । অৱশেষত নাতিৰ অনুপ্ৰেৰণাত হাতত ডাম্বেল তুলি লয় অশীতিপৰ আইতাক ।

লাহে লাহে প্ৰশিক্ষণৰ সময় বৃদ্ধি কৰি গৈছিল আইতাই। ওজন দঙাৰ লগতে স্কোৱাট কৰিবলৈকো আৰম্ভ কৰিছিল আইতাই । ঘৰৰ বিভিন্ন স্থানতো আইতাই চলাই গৈছিল শাৰিৰীক অনুশীলন । কেতিয়াবা আহাৰ গ্ৰহন কৰা টেবুল, শ্ব’কেজ অথবা বাস্কেট বলৰ মাধ্যমতো চলাই গৈছিল শাৰিৰীক অনুশীলন । এতিয়া হাতত ওজন থকা সামগ্ৰী লৈও চকীত অনায়াসে উঠা-বহা কৰিব পৰা হৈছিল । মনত ইচ্ছা থাকিলে যে অসম্ভৱকো সম্ভৱ কৰিব পাৰি সেই শিক্ষা দিবলৈ সডক্ষম হৈছে আইতাই । ভিডিঅ’টোৰ শিৰোনামত চিৰাগে আইতাক ‘ৰকষ্টাৰ’ হিচাপে নতুনকৈ চিনাকি প্ৰদান কৰে । সম্প্ৰতি আইতাৰ শাৰীৰৰ বিষ-বেদনা যথেষ্ট হ্ৰাস পাইছে । পালোৱান আইতাই ছ’চিয়েল মিডিয়াতো যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । আইতাৰ পৰা এতিয়া আন বহুজনেও জীৱন যুঁজত পুনৰ অৱতীৰ্ণ হ’ব পৰা কৈ শিক্ষা গ্ৰহণ কৰিছে ।

Exit mobile version