দিল্লীৰ ৰাজধানী কঁপাইছে কৃষকৰ প্ৰতিবাদী কণ্ঠই

Punjab Farmers 7

দিল্লীৰ অভিমুখে আগবাঢ়িছে হেজাৰ হেজাৰ কৃষক । ছখন ৰাজ্যৰ কৃষকে কেন্দ্ৰৰ নতুন কৃষি আইনীৰ বিৰুদ্ধে দুমাহ ধৰি ‘দিল্লী চলো’ৰ বিক্ষোভৰ পৰিকল্পনা চলাই আহিছে । এফালে আৰক্ষী নিৰাপত্তা বাহিনী আৰু আনফালে প্ৰতিবাদী কৃষকৰ সমদল । দিল্লী যাত্রাৰ পথত হাৰিয়ানাৰ সীমান্তত বাধাপ্ৰাপ্ত হোৱা ক্ষুব্ধ কৃষকৰ আৰক্ষীৰ নিৰাপত্তাৰ স’তে তীব্ৰ সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় । কৃষকসকলে তেওঁলোকক বাধা দিবলৈ চৰকাৰে বান্ধি দিয়া বেৰিকেড ভাঙি নদীত দলিয়াই দিয়ে আৰু তাৰ পিছতে কন্দুৱা গেছ আৰু পানীৰে প্ৰতিবাদী দলক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আৰক্ষীবাহিনীৰ দলে ।

অৱশেষত কৃষকৰ বৃহৎ সমদলে সকলো বাধা নেওচি হাৰিয়ানা অতিক্ৰম কৰিবলৈ সক্ষম হয়। কৃষকসকলে পঞ্জাৱৰ পৰা খোজকাঢ়ি আৰু ট্ৰেক্টৰত উঠি সমদল কৰি আগবাঢ়ে । কেন্দ্রীয় চৰকাৰে নতুনকৈ সংশোধন কৰা কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ৰাজপথত ওলাই আহে হেজাৰ হেজাৰ কৃষক । কৃষক আন্দোলনৰ স’তে জড়িত হৈ থকা দুটা সংগঠনে জানিব দিয়া মতে,দিল্লীৰ সীমান্তত আজি পৰ্যন্ত ৫০ হেজাৰো অধিক কৃষক উপস্থিত হ’ব ।

হেজাৰ হেজাৰ ট্রেক্টৰ আৰু ট্ৰলীবোৰে পাঞ্জাৱৰ ভিতৰুৱা অঞ্চলৰ পৰা কঢ়িয়াই আনিছে কৃষক আৰু কৃষকৰ পৰিয়াল । প্ৰতিবাদী কৃষকসকলে কয় যে, কেন্দ্ৰৰ তিনিখন কৃষি আইন প্রত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোক উভতি নাযায় । প্ৰতিবাদী কৃষকে কমেও পাঁচ হেজাৰ লিটাৰ টেংক, গেছ ষ্টভ, ইনভাৰ্টাৰ আদিও কঢ়িয়াইছে ।

Exit mobile version