হাগ্ৰামাই বিটিচিখনক পৈতৃক সম্পত্তি বুলি ভাবিলে নহ’ব

78ff102e 5aad 467c 9886 5944b7dc74ba

হাগ্ৰামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাৱিলে নহ’ব। হাগ্ৰামাই মোক বিটিচিত সোমাব নিদিয়াৰ কথা কয়৷ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে হাগ্ৰামাৰ ঘৰৰ সমুখত গৈ পিকনিক খাম৷ এটা সময় আহিব বিপিএফক বেলনা মাৰিৰে কোবাব ৰাইজে ৷ এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ বাক্সাৰ শালবাৰীৰ মথনগুৰিত বিজেপিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিপিএফে বিটিচিত পৰ্বতসম দুৰ্নীতি কৰাৰ অভিযোগ তোলে হাগ্ৰামা মহিলাৰীক।

অনাগত দিনত বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য কৰে ড° শৰ্মাই। লগতে ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সৰভোগ সমষ্টিত আমুল পৰিবৰ্তন হোৱাৰ কথাও ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে । উল্লেখ্য যে ২০ নং মঠনগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ সমৰ্থনত বাক্সাৰ শালবাৰীৰ লাবদাংগুৰিত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মংগলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ লগতে বহু নেতা আৰু কেইবা সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে৷

Exit mobile version