ৰাজ্যত চাৰিমাহ পূর্বেই ভােট বিচাৰি ভােটাৰৰ ঘৰে ঘৰে বিজেপি

Screenshot 72

ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাজত প্রায় পাঁচমাহ বাকী থকা অৱস্থাতে বিজেপিয়ে প্ৰতিটো বুথৰ ভােটাৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ভােট বিচৰাৰ ৰণকৌশলক চূড়ান্ত ৰূপ দিছে। ইয়াৰ আনুষ্ঠানিক আৰম্ভণি হ’ব অহা ২৯ নৱেম্বৰত। সেইদিনাৰ পৰা বুথৰ প্ৰতিটো হিতাধিকাৰী পৰিয়াললৈ দলীয় প্রতিনিধি গৈ ভােগ কৰি থকা সা-সুবিধাৰ বুজ লােৱাৰ উপৰি বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে গৈ সম্বর্ধনা জ্ঞাপন কৰা আদি কার্যসূচীৰ সূচনা কৰিব। তাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপিক কিয় ভােট দিব লাগে সেই যুক্তিও দাঙি ধৰিব। বৃহৎ পৰিসৰত চলিবলগীয়া অভিযানৰ বাবে অহা ২৯ নৱেম্বৰত প্ৰতিটো বুথত এখনকৈ সভা অনুষ্ঠিত হ’ব। সেই সভাত প্রতিজন নেতাক নিজৰ নিজৰ বুথত উপস্থিত থাকিবলৈ নির্দেশ দিয়া হৈছে। সর্বাধিক ২০ জন পর্যন্ত সদস্য বিজেপিৰ বুথ সমিতিত আছে।প্রতিজন সদস্য সেইদিনাৰ বৈঠকত উপস্থিত থাকিব লাগিব। তাতেই বুথৰ শেহতীয়া ভােটাৰ তালিকা দাখিল হ’ব।

দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিয়া নির্দেশনা অনুসৰি সেইদিনাৰ বৈঠকতে নির্দিষ্ট বুথটোত চৰকাৰী হিতাধিকাৰী পৰিয়াল কোন কোন আছে, কি কি বৃত্তিৰ কিমান লােক জড়িত আছে, বুথৰ জনগাঁথনি কি ধৰণৰ, কোন সম্প্রদায়ৰ কিমান লােক বুথটোত কাম কৰে আদি সকলাে পৰিসংখ্যা নিৰূপণ কৰা হ’ব। এই ক্ষেত্ৰত হিতাধিকাৰীসকলক বিশেষ লক্ষ্য কৰি ল’বলৈ নির্দেশ দিয়া হৈছে। হিতাধিকাৰীয়ে প্রাপ্য সা-সুবিধা লাভ কৰি আছে নে নাই, যদি নাই তাৰ কাৰণ কি,সুবিধাৰ পৰা যদি কোনােবা বঞ্চিত হৈছে সেইসকলক সুবিধা লাভৰ পাৰ্যমানে ব্যৱস্থা কৰি দিয়া, উপযুক্ত কোনাে লােকৰ নাম যদি হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত হৈ আছে সেইসকলকো সহযােগিতা আগবঢ়োৱা আদি নির্দেশনা এই ক্ষেত্ৰত কাৰ্যকৰী কৰিব লাগিব।

উল্লেখ্য যে প্রতিটো বুথত আঠশৰ পৰা ১২০০ ভােটাৰ আছে। আনহাতে, অসমত বিজেপিৰ বুথ সমিতি আছে ২৮ হেজাৰ। অৱশ্যে তাৰে একাংশ সমিতি। সেইবােৰতাে ২৯ নৱেম্বৰৰ পৰাই একে ধৰণৰ অভিযান চলিব লাগিব বুলি কেন্দ্রীয় নেতৃত্বই নির্দেশনা জাৰি কৰিছে।উল্লেখ্য যে বুথৰ ভােটাৰৰ ঘৰে ঘৰে গৈ ভােট বিচৰাৰ প্রক্রিয়া সাধাৰণতে নির্বাচনৰ একেবাৰে আগমুহূর্ততহে দলবােৰে চলায়; কিন্তু বিজেপিয়ে এইবাৰ চাৰিমাহ পূর্বেই সেয়া আৰম্ভ কৰিবলৈ ওলাইছে। আমি ভােটাৰৰ লগত, ৰাইজৰ লগত সদায়ে আছাে; সেই উপলব্ধি এই অভিযানত ৰাইজক কৰাব বিচাৰিছাে। এই দাবী কৰে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাৰ সূত্রই।

Exit mobile version