দক্ষিণ কামৰূপৰ সোণতলীত কে’বা লক্ষ্যধিক টকাৰ মূল্যবান কাঠ জব্দ

Screenshot 77

• সোণতলীৰ পুৰাণগাঁৱত নম্বৰবিহীন ডি আই গাড়ীসহ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিষয়াই ৷

• পুৱতি নিশা বকোৰ ভালুকঘাটৰ পৰা পশ্চিম বন সংমণ্ডলৰ বন বিষয়াৰ এটা দলে নম্বৰবিহীন কাঠ ভৰ্তি গাড়ীখনৰ পিছ লয় ৷

• প্ৰায় তিনি বজাত সোণতলীৰ পুৰাণগাঁৱত কাঠ ভৰ্তি গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷

• দুৰ্ঘটনা সংগঠিত কৰিয়ে ধান খেতিৰ মাজেৰে চালকজন পলায়ন কৰে ৷

• বন বিষয়া দলটোৱে মূল্যবান কাঠসহ ডি আই গাড়ী উদ্ধাৰ কৰে ৷

• বন বিষয়াই সাংবাদিকৰ আগত মন্তব্য নিদিয়াৰ বাবে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ৷

Exit mobile version