নেতাৰ লেকামছিগা বাক্যবাণ

PicsArt 11 10 04.31.22 700x400 1

অভিযোগ প্ৰতিঅভিযোগেৰে উত্তপ্ত হৈ পৰিছে বিটিচিৰ নিৰ্বাচনী ৰাজনীতি । কেতিয়াবা যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাক, কেতিয়াবা আকৌ মহিলাৰীৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ এৰিছে মন্ত্ৰী ড° শৰ্মাই । ফলত সময়ে সময়ে পৰস্পৰৰ বিৰুদ্ধে লেকামছিগা বাক্যবাণ এৰিবলৈকো কোনোপক্ষই পিছ হোঁহকা নাই । বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জোৰদাৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী শৰ্মাই । আজিও বাক্সা কোকৰাঝাৰ জিলাৰ ক’বা ঠাইতো দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে । বাক্সা জিলাৰ বাগানপাৰাত বাগানপাৰা পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী আৰতি বৰদলৈৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী শৰ্মাই কয়, ‘বিটিচি হাগ্ৰামাৰ পৈত্ৰিক সম্পত্তি নহয় যে ইয়াত কেৱল বিপিএফৰ ৰাজত্ব চলি থাকিব । ইয়াত বসবাস কৰা সকলো জাতি-জনজাতিৰ পম উন্নয়ন, পম অধিকাৰ হ’ব লাগিব । বছৰ বছৰ ধৰি মইমতালি কৰি একক্ষীয় শাসন চলোৱা হাগ্ৰামাৰ দাদাগিৰি এইবাৰ শেষ হ’ব লাগিব । পৰ্বতসম দুৰ্নীতি কৰি ৰজা হোৱা হাগ্ৰামাই মোক লৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই, কিয়নো হাগ্ৰামাই বুজি পাওক অসমত হাগ্ৰামাক ক’ব পৰা কোনোবা মানুহ আছে । অহা ১৫ ডিচেম্বৰৰ পাছত হাগ্ৰামাই গেলাৰীত বহি নাটক চাব লাগিব ।’ মহিলাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ নেডাৰ আহ্বায়ক শৰ্মাই কয়, ‘বৰ্তমান দেশত নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে । এই সময়ত কোনো ব্যক্তিৰ দাদাগিৰি নচলিব । এই বিটিচি অসমৰ, এই বিটিচি ভাৰতৰ । গতিকে ইয়াত হাগ্ৰামাৰ আইন নচলে । চলিব দেশৰ আইন । অহা ১৫ৰ ৩০ ডিচেম্বৰৰ ভিতৰত বিটিচিত সকলোৱে মাটি কিনা-বেছা কৰিব পাৰিব, ভূমিহীন লোকে মাটিৰ পট্টা পাব । এইবেলি বিটিচিটো তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হ’ব ।’ কেন্দ্ৰীয় চৰকাৰে বিটিচিলৈ আগবঢ়োৱা হেজাৰ হেজাৰ কোটি টকা কি কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । এই সভাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিআৰ চুক্তিয়ে ‘ডিভাইড আছাম ৫০/৫০’ৰ দাবী অৱসান ঘটাই একেলগে শান্তিৰে বসবাস কৰাৰ নতুন দিনৰ উন্মোচন কৰা বুলি দাবী কৰে । সভাত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, বিপিএফৰ প্ৰাক্তন জ্যেষ্ঠ নেতা তথা ন-বিজেপি বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা আদিও উপস্থিত থাকে ।

Exit mobile version