পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ

WhatsApp Image 2020 11 29 at 5.32.09 PM

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে সৃষ্টি কৰি আহিছে অৱৰ্ণনীয় তাণ্ডৱ। খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰানাইমাবিল গাঁৱত নিশা বৃহৎ বনৰীয়া হাতীৰ এটা জাকে কে’বাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল আদি ভাঙি লণ্ডভণ্ড কৰে। লগতে বাৰীৰ তামোল-নাৰিকল, কুঁহিয়াৰ, কল গছ, ঘৰৰ বয়বস্তু আদি ভাঙি চিঙি বিস্তৰ ক্ষতি সাধন কৰে।

নিশা হাতীৰ জাকটোয়ে ৰানাইমাবিল গাঁৱত শিৱ কুমাৰ চৌহান নামৰ শিক্ষক এজনৰ বাস গৃহত আক্ৰমণ চলায় লণ্ডভণ্ড কৰি থকা অৱস্থাত প্ৰায় ডেৰ ঘণ্টা জোৰা সময়লৈকে শ্বাসৰুদ্ধভাৱে পৰিয়ালটোৰ সাত জনকৈ সদস্যই এটি সৰু কোঠাৰ ভিতৰত গৃহবন্দী হৈ থাকিবলগীয়া হয়। বনৰীয়া হাতীজাকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালটোয়ে ।

       

গুৰুত্বপূৰ্ণ যে বিগত কে’বামাহ ধৰি প্ৰায় ১০০ জনীয়া হাতীৰ এটা জাকে নিশা বৃহত্তৰ খেৰণি অঞ্চলৰ বগৰীঘাট, দাসবস্তি, মাজবস্তি, বাগিছাডুবি, মাটিখোলা, খেৰণি কছাৰী গাওঁ আদি গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। হাতীৰ জাকটোক লৈ এতিয়া আতংকিত গাঁওবাসী আৰু কৃষক ৰাইজ। দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি অহা হাতীৰ জাকটোক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে খেৰণি বন বিভাগ।

উল্লেখযোগ্য যে, ইতিমধ্যে ভুক্তভোগী অঞ্চলবাসীয়ে হাতীকেইটাৰ উপদ্ৰৱৰ বিষয়ে বন বিভাগক অৱগত কৰি আহিছে যদিও খেৰণি বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বিভাগটোৰ বিৰুদ্ধে । অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীও জনাইছে অঞ্চলবাসীয়ে।

Exit mobile version