প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাগ্ৰামাক ভয় নকৰেঃ হিমন্ত বিশ্ব শৰ্মা

139780 himanta bis

বাক্সা জিলাৰ ভেৰগাঁৱত আজি বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । আগন্তুক সাত ডিচেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন সেয়েহে প্ৰচাৰ অভিযানত উঠিপৰি লাগিছে মন্ত্ৰী ড° শৰ্মা । প্ৰাৰ্থী ফটিক কচাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী শৰ্মাই কয় যোৱা ১৫ বছৰে ভাৰতীয় জনতা পাৰ্টীয়ে যদিও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল তথাপিটো বিটিচিত বিজেপি চৰকাৰ হোৱাটো বিচৰা নাছিল । কাৰণ দলে বিচাৰিছিল যিসকলৰ আন্দোলনৰ ফলত বিটিচি গঠন হৈছে তেওঁলোকেই ৰাইজক সমদৃষ্টিৰে, সমমৰ্যাদাৰে শাসন কৰক ।

তেওঁ কয়, ‘১৫ বছৰ বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰীৰ দলটোক আমি বিটীচিত শাসন কৰাৰ সুবিধা প্ৰদান কৰিছিলো। টকা-পইচাৰ লগতে নৈতিক সমৰ্থনো আমি বিপিএফক দিছিলো । ২০১৬ৰ পৰা বৰ্তমান লৈকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ হেজাৰ কোটি টকা প্ৰদান কৰা হৈছিল । কিন্তু বিটিচিত এই টকাৰ সৎ ব্যৱহাৰ নহ’ল । আমি সকলোকে ভূমিৰ পট্টাৰ লগতে কিনা-বেচাৰো অনুমতি দিম । সকলোকে সমমৰ্যাদা, সম অধিকাৰ দিয়া হ’ব । সেয়েহে এইবাৰ বিটিচিত বিজেপি চৰকাৰ হ’ব লাগিব বিপিএফৰ নহয় ।’

‘বিটিচিত বিজেপি চৰকাৰ আহিলে ভায়’লেন্স হ’ব’ বুলি হাগ্ৰামা মহিলাৰীয়ে দিয়া মন্তব্যৰ প্ৰত্যোত্তৰত মন্ত্ৰী শৰ্মাই কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাগ্ৰামাক ভয় নকৰে । মহিলাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিলে‌ তাৰ প্ৰত্যুত্তৰ কেনেকৈ দিব লাগে ভাৰতীয় জনতা পাৰ্টীয়ে ভালকৈ জানে ।’

সভাখনত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু মঙ্গলদৈৰ লোকসভা সমষ্টিৰ বিধায়ক দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ সন্তোষ কোজোৰ, ভেৰগাঁৱৰ প্ৰাৰ্থী ফটিক কচাৰীৰ লগতে গাঁওখনৰ ৰাইজ । ভেৰগাঁও ব্লক কমিটিৰ সভানেত্ৰী কনকলতা ডেকাই বিজেপিত যোগদান দিয়ে ।

Exit mobile version