বিটিচিত অশান্ত পৰিৱেশৰ সৃষ্টি হ’লে তাৰ প্ৰধান দায়ী হ’ব হিমন্ত বিশ্ব শৰ্মাঃ অঞ্জলি দৈমাৰী

WhatsApp Image 2020 11 29 at 5.32.33 PM

বিটিচি নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কামাৰদৈছা লক্ষীবজাৰত কালি বিপিএফৰ এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত হৈ যায়৷ ২২ নং ককলাবাৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়োৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি বিশিষ্টা সাহিত্যক তথা বিপিএফৰ কেন্দ্রীয় সমিতিৰ সম্পাদক ড° অঞ্জলি দৈমাৰীয়ে কয়, নিৰ্বাচনী প্ৰচাৰ সভাসমূহত যিয়ে যিমান সমালোচনা কৰিলেও বিগত ১৫ বছৰত বিটিচি অঞ্চলত অসমৰ বহু অঞ্চলতকৈ বহু উন্নয়ন হৈছে৷ কাৰণ, ইয়াত চাকৰি কৰি যোৱা বহু লোকে ১০ বছৰৰ পাছত বিটিচিলৈ আহিলে এই উন্নয়নৰ কথা স্বীকাৰ কৰি যায়৷

              

বিভিন্ন ৰাজনৈতিক দলৰ নেতাক সমালোচনা কৰি ড° দৈমাৰীয়ে কয়, ‘১৭ বছৰৰ আগত কোনোদিনে কোনো এখন গাঁৱতে আহি নোপোৱা হিমন্ত বিশ্ব শৰ্মাই আজি বিটিচিত সোমাইছে৷ বিটিচিত অশান্ত পৰিৱেশৰ সৃষ্টি হ’ব লাগিলে তাৰ প্ৰধান দায়ী হিমন্ত বিশ্ব শৰ্মা হ’ব৷ এইবেলিও সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলে পৰ্যাপ্ত আসন লাভ কৰি পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ব এইটো নিশ্চিত। ৰাজনীতিত প্ৰৱেশ কৰা মোৰ মাত্ৰ দুমাহ হৈছে ৷ এই দুমাহতে বিটিচিৰ প্ৰতিটো সমষ্টিতে ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখা পাইছো সিয়ে প্ৰমাণ কৰে যে পৰৱৰ্তী চৰকাৰ পুনৰ বিপিএফৰে হ’ব৷’

নিৰ্বাচনৰ সময়ত শালীনতা বজাই সমালোচনা কৰাৰ পক্ষপাতীত্ব কৰা সভাত পিপুল জইণ্ট এক্সন কমিটি ফ’ৰ বড়োলেণ্ড মুভমেন্টৰ মুখ্য উপদেষ্টা গংগাধৰ ৰামছিয়াৰী, বিধায়ক থানেশ্বৰ বসুমতাৰী, প্ৰাৰ্থী ধীৰেণ বড়ো, ককলাবাৰী ব্লক বিপিএফ কমিটীৰ সভাপতি শংকৰ বসুমতাৰী, কেন্দ্রীয় কমিটীৰ সদস্য তৰণীকান্ত মদাহি আদি কৰি কে’বাগৰাকী দলীয় নেতাই অংশগ্রহণ কৰে ।

Exit mobile version