কৰ’না মহামাৰীৰ মাজতে ৰাজ্যবাসীলৈ সুখবৰ

College Hostels in Assam to reopen from 15 December Himanta Biswa Sarma

এক ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি শুভাৰম্ভণি হ’ব অৰুণোদয় আঁচনিৰ ।আজি জনতা ভৱনত হোৱা এখন সংবাদ মেলৰ যোগেদি এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে। বিটিচি অঞ্চলক বাদ দি ৰাজ্যৰ ২৯ খন জিলাৰ হিতাধিকাৰীৰ একাউণ্টত কাইলৈৰ পৰা সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। মঙ্গলবাৰে অমিনগাৱঁৰ পেৰেড গ্ৰাউণ্ডৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব অৰুণোদয় আঁচনিখন। সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয় যে, আঁচনিৰ বাবে থাকিব এটা কল চেণ্টাৰ ।

যদি কিবা অসুবিধাৰ ফলত এই ধন কোনোবা হিতাধিকাৰীৰ একাউন্টত জমা নহয় তেন্তে তেওঁলোকে ফোন কৰি কল চেণ্টাৰত জনাব পাৰিব। প্ৰতিমাহৰ শেষৰটো সপ্তাহত হিতাধিকাৰীয়ে লাভ কৰিব ৮৩০ টকাকৈ ধন। স্বাধীনতাৰ পিছত ৰাজ্যত চৰকাৰৰ সৰ্ববৃহৎ আঁচনি বুলিও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই । এই সুধিবা লাভ কৰিব ১৮ লাখ হিতাধিকাৰীয়ে । অৰুণোদয় আঁচনিৰ ৰূপায়ন বাবে ৰাজ্য চৰকাৰে বছৰি ব্যয় কৰিব ২৪০০ কোটি টকা আৰু মাহিলি ব্যয় হব ২৮০ কোটি । অৰুণোদয় আঁচনিখনৰ ধন লাভ কৰা সকলৰ ঘৰত লগোৱা হ’ব অৰুণোদয় আঁচনিৰ ল’গ’ ।

Exit mobile version