বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ৷ ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছে গৰুৰ এক বৃহৎ ছিণ্ডিকেট। সমগ্ৰ নগাঁও এতিয়া অবৈধ গৰু সৰবৰাহৰ কৰিডৰ হৈ পৰিছে। প্ৰতিদিনাই উত্তৰ অসম, উজনি অসম আদি বিভিন্ন স্থানৰ পৰা একাংশ ব্যৱসায়ীয়ে চোৰাং ভাৱে নগাঁও জিলাৰ মাজৰে মেঘালয় হৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে। বহু কেইখন আৰক্ষী থানাৰ সন্মুখৰেই চোৰাং ভাবে এই গৰু সমুহ সৰবৰাহ হৈ আহিছে। কালিও নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই সাতটা গৰু ভৰ্তি এখন পিক আপ ভানসহ তিনি জন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এচ ০১১ডিচি-৩৩৯৩ নম্বৰৰ পিক আপ ভানখন জব্দ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত গাড়ীখনৰ চালকসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা লোক কেইজন হল- ছফিকুল ইছলাম, হাৰমুজ আলী আৰু পুলক কোচ। আনহাতে, যোৱা নিশাই ৰূপহীহাট আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ৰূপহীৰ নলতলি ৰাজ্যিক ঘাইপথৰ সন্মুখত এখন ট্ৰাকসহ ১৮ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,তেজপুৰৰ ইটাখোলাৰ পৰা নগাঁও অভিমুখে চোৰাং গৰু ভৰ্তি এ এচ -০১ডিচি-৩৩৯৩ নম্বৰৰ গাড়ীখন জব্দ কৰে। আৰক্ষীয়ে আজি পুৱাৰ ভাগত এই চোৰাং গৰু সৰবৰাহৰ লগত জৰিত ৰফিকুল ইছলাম আৰু ওৱাছিলুৰ ৰহমানক আৰক্ষীয়ে আটক কৰে। নগাঁৱত দীৰ্ঘদিন ধৰি গঢ়ি উঠা গৰু চিণ্ডিগেটৰ মাষ্টাৰ মাইন্ড ৰাতুল আৰু টেবলেটৰ মানুহ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰতিনিশা নগাঁও আৰক্ষীৰ চকুৰ সন্মুখৰে গৰু ভৰ্তি ট্ৰাক আহযাহ কৰে যদিও আৰক্ষীয়ে সময়ে সময়ে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে। মনকৰিবলগীয়া যে গৰু চিণ্ডিগেটৰ লগত জৰিত একাংশ লোকে নগাঁও আৰক্ষীক মেনেজ কৰি এইদৰে গৰু ভৰ্তি গাড়ীসমুহ সৰবৰাহ কৰি আহিছে। অৱশ্যে আৰক্ষীৰ সৈতে চোৰাং গৰু সৰবৰাহ কৰা ব্যৱসায়ীৰ গোপন বুজাবুজি নহলেই এইদৰে গৰুৰ বিৰুদ্ধে অভিযান চলাই সচেতন মহলে অভিযোগ কৰিছে।
চোৰাং গৰু সৰবৰাহৰ কৰিডৰত পৰিনত হৈছে নগাঁও
-
By publisher

- Categories: Assam, News
- Tags: AssamCow smugglingNagaon
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026