হাগ্ৰামা মহিলাৰী বিটিচিৰ স্ৰষ্টাঃ প্ৰমীলা ৰাণী ব্ৰহ্ম

5regPramila 190610

বাক্সাৰ শালবাৰীৰ শিমলাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বিপিএফ নেত্ৰী তথা মন্ত্ৰী ড° প্ৰমীলাৰাণী ব্ৰহ্মই কয়, ‘হাগ্ৰামা মহিলাৰী হৈছে বিটিচিৰ স্ৰষ্টা ৷ হাগ্ৰামা মহিলাৰীৰ বাবেই বিটিচিত আজি উন্নতি হৈছে ৷ কিন্তু অসমৰ বহু ঠাইত আজিলৈ উন্নয়ন নহ’ল ৷ হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ ত্যাগৰ বিনিময়ত বিটিচিখন গঢ় দিব পাৰিছে ৷ আমি ভোট পাবৰ কাৰণে চাকৰি দিম বুলি কাকো প্ৰতিশ্ৰুতি দিয়া নাই ৷ আমাৰ কোনো এজন প্ৰাৰ্থী বা লিডাৰেও এনে মন্তব্য কৰা নাই কেতিয়াও ৷ সেইয়া কৰিছে কেৱল ইউপিপিএল-এ ৷ বিটিচিত বিপিএফৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতেই সুসম্পৰ্ক আছে । আমাৰ চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মিত্ৰতাও থাকিব ৷ ২০২১ত আমি বিপিএফ দলে বিজেপিক প্ৰত্যাহ্বান হিচাপেই লৈছো ৷ আমি নিজৰ দলক বচাবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷ হাগ্ৰামা মহিলাৰীয়ে যাতে আকৌ চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে আমিও যুঁজিছো ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে পুনৰ বিটিচিত চৰকাৰ হ’ব ৷’

‘প্ৰমোদ বড়োই ঘৰে ঘৰে চাকৰি দিম বুলি যি শ্ল’গান দি ফুৰিছে তেওঁ মংগল গ্ৰহত নে চন্দ্ৰত চাকৰি দিব’ বুলি প্ৰমীলাৰাণীয়ে কটাক্ষ কৰে প্ৰমোদ বড়োক৷ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ১২ টা সমষ্টিত প্ৰাৰ্থী দিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত ব্ৰহ্মই কয়, ‘নিৰ্বাচন সকলোৱে খেলিব পাৰে ৷ যিহেতু বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাথাকিব আমি বাধা নিদিও, আপত্তিও নকৰো ৷’

উল্লেখ্য যে ২২ নং ককলাবাৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়োৰ হৈ নিৰ্বাচনী সভাখনত মন্ত্ৰী ড° ব্ৰহ্মৰ লগতে চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীসহ দলৰ কে’বাগৰাকী নেতাই অংশগ্ৰহণ কৰে৷

Exit mobile version