হাতীখুলি ৰংহাং গাঁৱত সাংবাদিকৰ বাহনলৈ বন্যহস্তীৰ চোঁচা

92d1b983 819f 4aa7 b02e bb3884965f09

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । নগাঁও জিলাৰো বিভিন্ন স্থানত চলি আছে এই সংঘাত । এনে সময়তে বন্যহস্তীৰ এটা জাকৰ পৰা কথমপি ৰক্ষা পৰে সাংবাদিকৰ এটা দল। নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত যোৱা কালি বিয়লি এই ঘটনাটো সংঘটিত হয় । “হাতী বন্ধু”য়ে হাতীখুলি ৰংহাঙ গাঁৱত হাতীৰ বাবে ২০০ বিঘা মাটিত ধান খেতিৰ লগতে ৪০০ বিঘা মাটিত কৰা অন্যান্য খেতিৰ বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকৰ এটা দল সেই গাঁৱলখনলৈ গৈছিল ।

সাংবাদিকৰ দলটো যোৱা বাহনখন ৰখোৱা হৈছিল এডৰা শালনি বাৰীত। কিন্তু সেই সময়তে খাদ্যৰ সন্ধানত হঠাৎ নামি অহা বন্যহস্তীৰ জাকে চোচাঁ লয় সাংবাদিকৰ বাহনখনলৈ । এনে ভয়ংকৰ দৃশ্য দেখি উপস্থিত থকা সকলৰ মাজত আতংকৰ সৃষ্টি হয় । বন্যহস্তীৰ জাকটোৰ মাজৰ এটা প্ৰকাণ্ড হাতীয়ে তীব্ৰ বেগেৰে বাহনখনলৈ চোচাঁ লৈ গৈছিল যদিও বাহনখনৰ কোনো ক্ষতি নকৰিলে । হাতীৰ জাকটোৱে মাথো বাহনখন পৰ্যৱেক্ষণ কৰি কিছু সময়ৰ পাছত সেইস্থানৰ পৰা আঁতৰি যায়। ফলত শ্বস্তিৰ নিশ্বাস এৰে সাংবাদিকৰ দলটোৱে।

Exit mobile version