অনুষ্ঠানিক ভাৱে আৰম্ভনি কৰা হ’ল ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ আঁচনি

EoJFXHCVcAArKDM

আজি অমিনগাঁৱত উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানিক ভাৱে শুভাৰম্ভনি কৰে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ আঁচনিখন। আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ২২লাখ লোকক মাহিলি আয় নিশ্চত কৰাৰ উদ্দেশ্য আছিল এই অৰুনোদয় আঁচনিৰ । এই আঁচনিখনৰ অধীনত হিতাধিকাৰীয়ে আঁচনিৰ নিয়ম অনুযায়ী দাইল চেনী আধা মূল্যতে ক্ৰয় কৰাৰ সুবিধা পাব।

ADVERTISEMENT

লগতে মন্ত্ৰী শৰ্মায়ে কয় যে, এই অৰুনোদয় আঁচনিৰ আন এটা দিশ মহিলা সবলীকৰণ । হিতাধিকাৰীয়ে মাহৰ শেষত লাভ কৰিব ৮৩০টকা । বিটিএডিক বাদ দি ২৯খন জিলাই লাভ কৰিব অৰুনোদয় আঁচনিৰ ধন ৰাশি ।কেৱল মহিলায়ে লাভ কৰিব অৰুনোদয় আঁচনিৰ ধন ৰাশি।আনহাতে আঁচনিৰ অধীনত কোনো চৰকাৰীয়াল মহিলা তাত যদি ধন সোমাই তেতিয়া সেই ধন কটা হ’ব দৰমহাৰ পৰা।এই অৰুনোদয় ৰ আঁচনিৰ অধীনত২৪০০কোটি টকা আৰু মাহে ২০০কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে

Exit mobile version