পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত

191112 zimbabwe elephants cs 1057a 7f6b3446e1e3eb073fa93aa9b8055d50.nbcnews fp 1024 512

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ আজিও অব্যাহত আছে । বনৰীয়া হাতীৰ মুক্ত বিচৰণস্থলী তথা চৰণীয়া পথাৰত পৰিণত হৈছে এতিয়া বৃহত্তৰ খেৰণিৰ জনাঞ্চল। কেৱল নিশাৰ ভাগত নহয়, দিনটো প্ৰায় শ শ হাতীৰ জাকে নেপালীবস্তি, পুৰণাবস্তি, বগৰীঘাট, দাসবস্তি, মাজবস্তি, বাগিছাডুবি, মাটিখোলা, খেৰণি কছাৰী গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি অঞ্চলবাসীক হাৰাশাস্তি কৰি আহিছে। দিনৰ পোহৰত জাকটোয়ে কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ থকাৰ বাবে কৃষক ৰাইজে কৃষি কাৰ্য্য সম্পাদন কৰিব নোৱাৰা হৈছে সেয়েহে, এতিয়া কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়াত পৰিছে।

বিপৰীতে সন্ধিয়া হোৱা মাত্ৰকেই হাতীৰ জাকটোৱে কে’বাটাও ভাগত বিভক্ত হৈ গাঁৱত প্ৰৱেশ কৰি বাসগৃহ, বয়-বস্তু ভাঙি চিঙি লণ্ডভণ্ড কৰাৰ লগতে শাক পাচলিৰ খেতি-পথাৰ পকা ধান, কুঁহিয়াৰ আদি খাই-গচকী তহিলং কৰে । ইপিনে হাতীৰ উপদ্ৰপ ৰোধ কৰিবলৈ বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। একাংশ গঞা-কৃষক ৰাইজে উপায়ন্তৰ হৈ খেৰণি বন কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ তথা পৰিত্ৰাণৰ কাবৌ কৰাও পৰিলক্ষিত হৈছে ।

Exit mobile version