পূর্বেও পৰীক্ষা দিবলৈ গুৱাহাটীলৈ আহিছিল ধৃত প্রদীপ কুমাৰ

Pradeep Kumar

দুইৰ পৰা ছয় লাখ টকাৰ বিনিময়ত দেশৰ বহু সম্ভ্রান্ত পৰিয়ালৰ সন্তানক আগশাৰীৰ প্ৰতিযােগিতামূলক প্রৱেশ পৰীক্ষাত উত্তীর্ণ কৰােৱাৰ ঠিকা লৈ আহিছে অভিযান্ত্রিক পাঠ্যক্ৰমৰ সর্বভাৰতীয় যুটীয়া প্ৰৱেশ পৰীক্ষা (জে ই ই) কেলেংকাৰিত ধৃত প্রদীপ কুমাৰ আৰু সহযােগীসকলে যােৱা পাঁচ ছেপ্টেম্বৰত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষা দিয়া ধৃত কুমাৰে দুই ছেপ্টেম্বৰতাে অনুষ্ঠিত হােৱা পৰীক্ষাত অজ্ঞাত সম্রান্ত পৰিয়ালৰ সন্তানৰ হৈ পৰীক্ষা দিয়াৰ লক্ষ্যৰে গুৱাহাটীত উপস্থিত হােৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে যােৱা পহিলা ছেপ্টেম্বৰৰ পৰা ছয় ছেপ্টেম্বৰলৈ টি চি এছ আই অন-এ দেশজুৰি অভিযান্ত্রিক পাঠ্যক্ৰমৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু গুৱাহাটীৰ বৰঝাৰস্থিত ই-কম টাৱাৰত থকা ডিজিটেল জ’নত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কেলেংকাৰি সংঘটিত হৈছিল।

ADVERTISEMENT

ঘটনাৰ সংক্ৰান্তত আজাৰা আৰক্ষী থানাত ২৩ অক্টোবৰত ৰুজু হােৱা ৬২৪/২০২০ নম্বৰত গােচৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)৪১৯/৪২০/৪০৬ আৰ ডব্লিউ ৬৬ (ডি) আই টি এক্টৰ অধীনত টকাৰ জোৰত ৰাজ্যৰ ভিতৰতে শীর্ষ স্থানত উত্তীর্ণ হােৱা মূল পৰীক্ষার্থী নীল নক্ষত্র দাস, তেওঁৰ চিকিৎসক পিতৃ জ্যোতির্ময় দাস, পৰীক্ষাৰ পৰিচালনাৰ দায়িত্বত থকা হেমেন্দ্র নাথ শৰ্মা, আই অন ডিজিটেল জনৈৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা,হীৰুকমল পাঠক, গ্ল’বেল এডু লাইটৰ কাউন্সিলাৰ কাকলি বুজৰবৰুৱা, স্বত্বাধিকাৰী তথা মূল মাষ্টাৰ মাইণ্ড ভাগৱ ডেকাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱাৰ পাছত কালি দিল্লীত ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰক গ্রেপ্তাৰ কৰে। আজি ধৃত কুমাৰক বিশেষ তদন্তকাৰী গােটে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰােৱাৰ পাছত আদালতে ধৃত কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ধৃত প্রদীপ কুমাৰে দুই ছেপ্টেম্বৰৰ দিনটোতাে পৰীক্ষা দিয়াৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হােৱা কথা স্বীকাৰ কৰিছে আৰক্ষীৰ জেৰাত। কিন্তু সেইদিনা তেওঁ কেন্দ্ৰটোত প্ৰৱেশ কৰিব নােৱাৰাত পুনৰ বিমানেৰে দিল্লীলৈ উভতি যায়। পৰৱৰ্তী সময়ত তথা চাৰি ছেপ্টেম্বৰত পুনৰ বিমানেৰে তেওঁ বৰঝাৰত উপস্থিত হৈ সেই নিশা বিমানকোঠৰ সমীপৰ হােটেল ৰুদ্রাক্ষত বাহৰ পাতে। পাঁচ ছেপ্টেম্বৰত ধৃত কুমাৰে ই-কম টাৱাৰত থকা টি চি এছ আই অন ডিজিটেল জনিত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ পুনৰ বিমানেৰে দিল্লীলৈ উভতি যায়। আৰক্ষী সূত্রে প্রকাশ যে ঝাৰখণ্ডৰ হাজিৰাপালৰ মেধাৱী ছাত্র প্রদীপ কুমাৰে দিল্লীৰ কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা সর্বোচ্চ নম্বৰেৰে চিভিল ইঞ্জিনীয়াৰিঙত উত্তীৰ্ণ হৈছিল। অভিযান্ত্রিক পাঠ্যক্ৰমৰ সকলাে বিষয়ত তেওঁ পাৰ্গত হৈ পৰাৰ পাছতে অন্য পৰীক্ষাৰ্থীৰ নামত পৰীক্ষাত অৱতীৰ্ণ হৈ ধন ঘটাটো তেওঁৰ বৃত্তিলৈ ৰূপান্তৰিত হয়।

Exit mobile version