বংগোপসাগৰত উৎপন্ন হৈছে ঘূৰ্ণিবতাহ

Cyclone Burevi Cyclone Hurricane Buravi looming after Nirvana in Tamil

দিল্লীৰ বতৰ বিজ্ঞানীসকলে আগজাননী সদৰী কৰে যে, বংগোপসাগৰত উৎপন্ন হোৱা নিম্নচাপ ঘূৰ্ণিবতাহ ‘বুৰেভি’ত পৰিণত হৈ কেৰালাৰ স্থলভাগত আহিব পাৰে । ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সতৰ্কবাণী জাৰি কৰিছে । তেওঁ উদ্ধাৰ কাৰ্যৰ বাবে  নৌবাহিনীক প্ৰস্তুত থাকিবলৈ কয় । হেলিকপ্টাৰ, নৌকা আদিও সাজু কৰি ৰখা হৈছে । বতৰ বিজ্ঞানীসকলে কয়, ‘বুধবাৰে ৰাতি এই ঘূৰ্ণিবতাহ শ্ৰীলংকাৰ উপকূল পাবহি । তাৰ পাছত বৃহস্পতিবাৰে দুপৰীয়া কন্যাকুমাৰী আহি পাব ।’

ইতিমধ্যে এই ঘূৰ্ণিবতাহক লৈ প্ৰশাসনিক স্তৰত তৎপৰতা আৰম্ভ হৈ গৈছে । কেৰালাৰ মুখ্যমন্ত্ৰীজনে সাতটা দুৰ্যোগ প্ৰতিক্ৰিয়া দলক প্ৰস্তুত থাকিবলৈ নিৰ্দেশনা দিছে । উদ্ধাৰ কাৰ্যৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰাও সহায় বিচৰা হৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে, দক্ষিণ তামিলনাডু ও দক্ষিণ কেৰালা উপকূলৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । বংগোপসাগৰৰ দক্ষিণ-পশ্চিম দিশৰ পৰা পশ্চিম-উত্তৰ পশ্চিম দিশে নিম্নচাপৰ সৃষ্টি হৈছে । ক্ৰমে অতি গভীৰ নিম্নচাপ পৰাৰ ফলত ই ঘূৰ্ণিবতাহত পৰিণত হ’ব‌ পাৰে । বৰ্তমানলৈকে পোৱা পূৰ্বাভাস অনুসৰি, দুই ডিচেম্বৰত ৰাতি শ্ৰীলংকাৰ ত্ৰিংকুমালিৰ পৰা এই‌ বতাহ গতি কৰিব । ইয়াৰ পাছত তিনি ডিচেম্বৰত কোমোৰিনৰ পৰা পশ্চিম দিশলৈ গতি কৰিব । সেই বাবেই কেৰালা আৰু তামিলনাডুত ঘূৰ্ণিবতাহ উৎপন্ন হোৱাৰ আশংকা আছে ।

Exit mobile version