মাৰ্জনা বিচাৰি গৃহস্থলৈ পত্ৰ চোৰৰঃ কলিয়াবৰৰ শিলঘাটত আজৱ ভক্তপ্ৰাণ চোৰৰ সন্ত্ৰাস

thief clipped fmt

‘আমি ঈশ্বৰৰ ঘৰত প্ৰৱেশ নকৰো, আই এম ছ’ৰী’ কলিয়াবৰত চুৰি কাণ্ড সংঘটিত কৰা এটা দূৰ্ধৰ্ষ চোৰৰ দলৰ গৃহস্থক উদ্দেশ্যি ৰাখি যোৱা এয়া এখন পত্ৰৰ কিয়দংশ । কলিয়াবৰৰ শিলঘাটত চোৰে সংঘটিত কৰিছে এই আজৱ আৰু আমোদজনক ঘটনা । কলিয়াবৰ মহকুমাৰ শিলঘাটত যোৱা নিশা সংঘটিত হয় এক চুৰি কাণ্ড । শিলঘাট নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক শৈলেন্দ্ৰ প্ৰসাদ দলবৰুৱাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে বাসগৃহৰ দুৱাৰ ভাঙি আলমিৰাৰ কাপোৰৰ মাজত সযতনে ৰখা নগদ ধনসহ এটা টিভি আৰু কেইপদমান কাঁহৰ বাচন লৈ উধাও হয় ।

এনেধৰণৰ সৌয্য কাৰ্য বিভিন্ন অঞ্চলত সচৰাচৰ সংঘটিত হৈ অহাটো স্বাভাৱিক ঘটনা যদিও যোৱা নিশা সংঘটিত ঘটনাটিত জড়িত ভক্তপ্ৰাণ চোৰৰ দলটিয়ে প্ৰদৰ্শন কৰা আধ্যাত্মিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । উল্লেখ্য যে, শৈলেন্দ্ৰ প্ৰসাদ দলবৰুৱাৰ বাসগৃহৰ ভিতৰ চ’ৰাতে সংলগ্ন গোসাই ঘৰত থকা মূল্যবান কাঁহৰ আচবাবসহ নগদ ধন চুৰিৰ পৰা বিৰত থাকে চোৰৰ দলটো । বাসগৃহৰ আনকেইটা কোঠালিত লুট-পাত চলোৱাৰ বিপৰীতে তন্ন তন্নকৈ লক্ষ্য কৰিও গোসাই ঘৰত প্ৰৱেশ নকৰা চোৰে গৃহস্থলৈ লিখি থৈ যায় এখনি পত্ৰ ।

পত্ৰখনত লিখা আছিল, ‘আমি ঈশ্বৰৰ ঘৰত প্ৰৱেশ নকৰো’ । আনহাতে গৃহস্থৰ ওচৰত মাৰ্জনা বিচাৰি চোৰে ‘আই এম ছ’ৰী’ বুলি আন এখন পত্ৰ বেৰত আঠা লগাই ওলমাই থৈ যায় । যোৱা নিশা সংঘটিত এই চুৰি কাৰ্যই গৃহস্থৰ লগতে ওচৰ চুবুৰীয়াক ক্ৰোধান্বিত কৰা আৰু দুখ দিয়াৰ লগতে ক্ভক্তপ্ৰাণ চোৰৰ দলটিৰ আধ্যাত্মিকতাৰ প্ৰদৰ্শনে কিছু পৰিমাণে আমোদ দিয়াও পৰিলক্ষিত হয় । কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে চোৰে লিখি থৈ যোৱা চিঠিখনৰ পৰাই তদন্ত আৰম্ভ কৰিছে । ইফালে এই আজৱ চুৰি কাণ্ডই আমোদ দিছে সকলোকে ।

Exit mobile version