তামিলনাডুত চূড়ান্ত সতৰ্কতা জাৰি

Gaja 517238682

নিভাৰৰ পাছত এইবাৰ বুৰেভীৰ আতংক আৰম্ভ হৈছে । পুনৰ ঘূৰ্ণি বতাহৰ সতৰ্কতা জাৰী কৰা হৈছে তামিলনাডুত । বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপে ঘূৰ্ণিবতাহৰ ৰূপ লৈছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘূৰ্ণিৰ নাম দিয়া হৈছে বুৰেভী । দুদিন পাছতে তামিলনাডুৰ উপকূল পাবহি বুলিও জনাইছে কেন্দ্ৰই । ৰাজ্যৰ উপকূলীয় অঞ্চলসমূহত চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি, ‘শ্ৰীলংকা হৈ তামিলনাডুৰ দিশে গতি কৰিছে ঘূৰ্ণিবতাহ বুৰেভীয়ে । বৃহস্পতিবাৰে সন্ধিয়া শ্ৰীলংকাৰ উপকূল আহি পাব ।

তাৰ পাছতে মান্নাৰ উপসাগৰ পাৰ হৈ শুক্ৰবাৰে পুৱা তামিলনাডুৰ উপকূলত প্ৰৱেশ কৰিব । ঘূৰ্ণিবতাহৰ ফলত বুধবাৰৰ পৰা শুক্ৰবাৰ লৈকে তামিলনাডুৰ দক্ষিণ অংশত গভীৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে । বৃহস্পতি ও শুক্ৰবাৰে কেৰালাৰ দক্ষিণ অংশটো বৃষ্টিপাত হ’ব পাৰে । সেয়ে সতৰ্কতামূলকভাৱে বুধবাৰৰ পৰা শুক্ৰবাৰ লৈকে মৎস্যজীৱীসকলক সমুদ্ৰৰ পাৰত যাবলৈ বাধা প্ৰদান কৰা হৈছে ।’ঘূৰ্ণিবতাহৰ ফলত হোৱা বিপৰ্যয় নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ) এতিয়াৰ সাজু হৈ আছে ।

ইতিমধ্যে তেওঁলোক তিৰুনেলভেলীত উপস্থিত হৈছে । তাৰ পৰাই সৰু সৰু দল প্ৰস্তুত কৰি উপকূল অঞ্চলবোৰলৈ প্ৰেৰণ কৰা হ’ব । কেৰালা চৰকাৰে জনাইছে যে, তেওঁলোক ঘূৰ্ণিবতাহৰ স’তে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সাজু । চাৰিখন জিলাত সৰ্বাধিক সতৰ্কতা জাৰি কৰা হৈছে । জিলাকেইখন ক্ৰমে তিৰুঅন্তপুৰম, কোল্লাম, আলাপুঝা আৰু পাঠনমথিট্টা এই জিলাকেইখনত গভীৰ বৃষ্টিপাত হোৱাৰো সম্ভাৱনা আছে । কোট্টায়ম, এর্নাকুলাম আৰু ইদুক্কিত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে ।

Exit mobile version