নগাঁও চহৰত চিলনী চোৰৰ তাণ্ডৱ

3BFCWUJ64XJL4SZWIGBJ24ZA24

নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ সমীপৰ শণি মন্দিৰ পথত আজি দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা চিলনী চোৰে দুই লাখ টকা কাঢ়ি লৈ যায় । এই ঘটণাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ওৱাকিল হকে আজি দুপৰীয়া প্ৰায় ১২ বজাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আঢ়ৈ লাখ টকা লৈ ওলাই আহোঁতেই এখন মটৰ চাইকেলত অহা দুই চিলনী চোৰে তেওঁৰ হাতৰ পৰা বেগসহ আঢ়ৈ লাখ টকা কাঢ়ি লৈ যায়।

পাছত ঘটণা সন্দৰ্ভত ব্যৱসায়ী জনে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।  হয়বৰগাঁও আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। স্মৰ্তব্য যে, বিগত কিছু দিনৰ পৰা নগাঁও চহৰৰ ভিন্ন স্থানত বেংকৰ পৰা ধন উঠাই ওলাই অহা লোক, ধনসহ অহা পথচাৰীৰ পৰা চিলনী চোৰে ধন কাঢ়ি নিয়াৰ ঘটণা সঘনাই সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ফলত ৰাইজে চৰম আতংকৰ মাজেৰে চহৰখনত চলাফুৰা কৰিবলগীয়া হৈছে।

Exit mobile version