শালবাৰীত ইউ পি পি এলৰ নিৰ্বাচনী সভা

b3044928 f90d 4472 9b1d b48d1bacee11

পৰিৱৰ্তনৰ শ্লোগানেৰে বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত সৰ্বশক্তিৰে নিৰ্বাচনী প্রচাৰত নামি পৰিছে ইউ পি পি এল দল৷ দলটোৰ নেতা-কৰ্মীসকলে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ১৭ বছৰীয়া শাসনৰ বেলি মাৰ নিয়াবলৈ উঠি-পৰি লাগিছে৷ শালবাৰী পৰিষদীয় সমষ্টিতো ইউ পি পি এলৰ নেতা-কৰ্মীসকলে দলীয় প্রতীক ‘ট্রেক্টৰ’ চিহ্নত যাতে সৰ্বোচ্চ ভোট লাভ কৰিব পাৰে তাৰ ৰণকৌশল হাতত লৈ সমষ্টিটোৰ চুকে কোণে নামি পৰা দেখা গৈছে৷ সমষ্টিটোৰ কংগ্রেছ, বি পি এফ আৰু গণ সুৰক্ষা পাৰ্টীৰ প্রাৰ্থীৰ নিৰ্বাচনী প্রচাৰ জোৰদাৰ হৈ পৰাৰ সমান্তৰালভাৱে ইউ পি পি এলৰ প্রাৰ্থী বিনোদ মুছাহাৰীৰ সপক্ষেও নিৰ্বাচনী প্রচাৰে জোৰদাৰ গতি লাভ কৰা দেখিবলৈ পোৱা গৈছে৷

ইউ পিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্রক্ষেপিত নেতা প্রমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৱে আজি ২১ নং শালবাৰী সমষ্টিৰ প্রাৰ্থী বিনোদ মুছাহাৰীৰ সপক্ষে একাধিক নিৰ্বাচনী প্রচাৰ সভা আয়োজন কৰি প্রাৰ্থীগৰাকীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ পাৰুল ভৰালী বড়োৱে আনন্দ বজাৰ পশ্চিম হাটখোলাস্থিত নামঘৰ প্রাংগণত এখন সভাত কয়, ‘এইবাৰ নিৰ্বাচনে বড়ো-অবড়োৰ মাজত থকা বিভাজন মছি পেলাইছে৷ ১৭ বছৰৰ অপশাসনে এই বিভাজনৰ সৃষ্টি কৰিছিল৷ কিন্তু এতিয়া ৰাইজে বুজি উঠিছে ক্ষমতাৰ বাবে এই বিভাজন কৰা হৈছিল৷ বিটিএডিৰ ৰাইজে বুজি পাইছে যে বি টি এ ডি অঞ্চলটো এখন ঘৰৰ দৰে৷ ঘৰত এজন ভাতৃয়ে যদি অন্যজনৰ লগত কাজিয়া কৰি থাকে তেনেহ’লে উন্নয়ন নহয় অশান্তিহে হ’ব৷’ নেত্রীগৰাকীয়ে প্রমোদ বড়োৰ পৰিৱৰ্তনৰ যাত্রাত সকলো শ্রেণীৰ জনসাধাৰণক একত্রিত হ’বলৈ আহ্বান জনায় ।

প্রমোদ বড়ো চৰকাৰ গঠন কৰাৰ পাছত যদি বিভিন্ন জাতি-জনগোষ্ঠীৰ কিবা অন্যায় হয় তেনেহ’লে তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ প্রথম ওলাই আহিব বুলি হুংকাৰ দিয়ে৷ হাটখোলা নিবাসী যুৱ শিল্পী সঞ্জীৱ তালুকদাৰে পৰিচালনা কৰা সভাখনত ইউ পি পি এলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকাই ভাষণত কয়, ‘হাগ্রামা মহিলাৰীয়ে মডেল বিটিচিৰ প্রতিশ্রুতি দি কাৰ্যক্ষেত্রত জাতি জনগোষ্ঠীবোৰক ভাগ ভাগহে কৰিছে৷ জাতি জনগোষ্ঠীবোৰক সম-মৰ্যাদা দিম বুলি কৈ আভুৱা ভাৰিছে৷ হাগ্রামাই ৰাইজক বিভিন্ন প্রতিশ্রুতি দি সেইবিলাক ৰূপায়ণৰ নামত ৰাইজক ৰামঠগন দিছে ৷ বি টি আৰ চুক্তিৰ দ্বাৰা বড়োভূমিত শান্তি আহিছে কিন্তু বি পি এফ আৰু নৱ কুমাৰ শৰণীয়াই এই চুক্তি বেয়া বুলি প্রচাৰ কৰি আছে৷ এই চুক্তিৰ দ্বাৰা অসমীয়া ভাষাটো ঘূৰাই দিয়া হৈছে৷ বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে চুক্তিখন কৰা হৈছে৷

তেওঁ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিক বুঢ়া গছ আখ্যা দি এই গছে ফল নিদিয়ে বুলিও কয় ৷ প্রাৰ্থী বিনোদ মুছাহাৰীয়ে কয়, ‘১৭ বছৰে বি পি এফে আমাক মাত্র প্রতিশ্রুতি দি উন্নয়নৰ বাবে অহা ধনখিনি লুণ্ঠন কৰিছে৷ এই লু্ণ্ঠনৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দি লুণ্ঠনকাৰী বি পি এফক বিদায় দিব লাগিব৷ হাগ্রামা মহিলাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীক শাসনৰ নামত কৰা শোষণৰ প্রতিশোধ ল’ব লাগিব৷ আমি বিশ্বাসৰ এনাজৰীডাল সুদৃঢ় কৰি নতুন সমাজ এখন গঢ়াৰ বাবে একত্রিত হ’ব লাগিব ৷’ সভাখনত ইউ পি পি এল দলৰ কেন্দ্ৰীয় নেতা-নেত্রী ক্রমে সুৰেশ সৰকাৰ, কনক চন্দ্ৰ বড়ো, বিউটি বসুমতাৰী, প্রদীপ সৰকাৰ, জহুৰা খাতুন, কেন্দ্ৰীয় মহিলা শাখাৰ সভানেত্ৰী মালতী স্বৰ্গীয়াৰী , সাধাৰণ সম্পাদিকা ডালিমী স্বৰ্গীয়াৰী, আবু তাহেৰ,জোনালী পাঠক, সমাজকৰ্মী ৰঞ্জন বৰুৱা উপস্থিত থকে । উল্লেখযোগ্য যে বিনোদ মুছাহাৰীৰ সমৰ্থনত আজি শালবাৰী সমষ্টিৰ বৰটাৰী, ৰৌমাৰী,বাঠাবাৰী,উজান বাঁহবাৰী, সোণপেৰাবড়ীতো নিৰ্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়৷

Exit mobile version