কৃষকসকলৰ সমস্যা সমাধান নকৰিলে দেশজুৰি আন্দোলনত নামিব তৃণমূল কংগ্ৰেছঃ মমতা বন্দ্যোপাধ্যায়

mamta 1 e1549367571693

এতিয়াও শাম কটা নাই কৃষক আন্দোলনৰ প্ৰতিবাদী কাৰ্যসূচী । আন্দোলনৰ প্ৰতি স প্ৰকাশ কৰি আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে টুইট যোগে আন্দোলনত নমাৰ হুংকাৰ দিয়ে । মুখ্যমন্ত্ৰী মমতাৰ এই ঘোষণাৰ কিছু মুহূৰ্তৰ পাছতেই সংবাদ সংস্থাই জনায় যে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ মূৰব্বী প্ৰকাশ সিং বাদলে পদ্মবিভূষণ পুৰষ্কাৰ উভতাই দিয়ে । কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক যি ধৰণে ‘বঞ্চিত’ কৰিছে তাৰেই প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী মমতাই টুইটত লিখে, ‘কৃষকসকলৰ জীৱন-জীৱিকা লৈ ভয়ংকৰ উদ্বেগৰ সৃষ্টি হৈছে । ভাৰত চৰকাৰে নতুন কৃষি বিল প্ৰত্যাহাৰ‌ কৰাই উচিত হ’ব । বিল প্ৰত্যাহাৰ নকৰিলে আমাৰ ৰাজ্যৰ লগতে বিশ্বজুৰি আন্দোলনৰ সৃষ্টি হ’ব । আমি আৰম্ভণিৰ পৰাই এই কৃষক বিৰোধী বিলৰ বিৰোধিতা কৰি আহিছো ।’

আজি পুৱাই পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে তেওঁৰ বাসভৱনত আলোচনাত মিলিত হয় । আলোচনাৰ পাছত মুখ্যমন্ত্ৰী সিঙে সাংবাদিকক জনায়, ‘কেন্দ্ৰ আৰু কৃষকসকলৰ মাজত আলোচনা অব্যাহত আছে । মই ইয়াত কোনো সমাধান কৰিবলৈ অহা নাই । আলোচনাত আমাৰ স্থিতি স্পষ্ট কৰিছো । গৃহমন্ত্ৰীক সমস্যাৰ দ্ৰুত সমাধান কৰিবলৈ কৈছো । কাৰণ, আন্দোলনৰ ফলত আমাৰ অৰ্থনীতি আৰু দেশৰ নিৰাপত্তাৰ  ওপৰত প্ৰভাৱ পৰিছে ।’

মুখ্যমন্ত্ৰী সিঙৰ স’তে আলোচনাত মিলিত হোৱাৰ আগেয়ে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে গৃহমন্ত্ৰীৰ স’তে আলোচনাত বহে । আলোচনাৰ অন্তত কৃষিমন্ত্ৰীজনে কয়, ‘চৰকাৰে ক্ৰমাগত কৃষকসকলৰ স’তে যোগাযোগ অব্যাহত ৰাখিছে । আমি আশাবাদী আজিৰ আলোচনাত সমস্যাৰ সমাধান হ’ব ।’
কৃষক প্ৰতিবাদক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰে, ‘চৰকাৰে কৃষি আইনৰ নামত যি বেআইনী ব্যৱস্থা আৰম্ভ কৰিছে সেয়া উঠাই নল’লে ভাৰত‌‌ তথা ভাৰতৰ কৃষকসকলৰ লগত সুবিচাৰ কৰা নহ’ব ।’

Exit mobile version