ধৰিত্ৰীৰ শীৰ্ষ চূড়াত প্লাষ্টিকৰ আৰোহণ

4032

পৰিৱেশ প্ৰদূষিত কৰা প্লাষ্টিকে অৱশেষত ধৰিত্ৰীৰ শীৰ্ষ চূড়াতো উপনীত হ’ল । সমগ্ৰ বিশ্বক প্ৰদূষিত কৰা প্লাষ্টিকে ইজন-সিজনকৈ হাতে হাত ধৰি মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ মাউণ্ট এভাৰেষ্টত মাইক্ৰ প্লাষ্টিকৰ উপস্থিতি ধৰা পৰাৰ পাছত উদ্বিগ্ন হৈ পৰিছে পৰিৱেশৰে জড়িত বিভিন্ন মহল । নেচনেল জিয়’গ্ৰাফিক ছ’চাইটিৰ উদ্যোগত বিগত বৰ্ষত চলোৱা অভিযানত এভাৰেষ্টত প্ৰথমবাৰৰ বাবে প্লাষ্টিকৰ ক্ষুদ্ৰকণা লাভ কৰা হয় । উল্লেখ্য যে পাঁচ মিলিমিটাৰতকৈ সৰু প্লাষ্টিকৰ মাইক্ৰ প্লাষ্টিক কণা হিচাপে গণ্য কৰা হয় ।

প্ৰাথমিকভাৱে মাইক্ৰ প্লাষ্টিকৰ কণাবিলাক উৎপাদনৰ সময়ৰে পৰা পাঁচ মিলিমিটাৰৰ তলত থাকে । মাধ্যমিক পৰ্যায়ৰ প্লাষ্টিক সাধাৰণতে বতল, মাছ ধৰা জাল, কেৰিবেগ আদি দীৰ্ঘদিন ধৰি প্ৰাকৃতিকভাৱে ক্ষয় হোৱাৰ ফলত সৃষ্টি হয় । মাইক্ৰপ্লাষ্টিক নানা ধৰণে পৰিৱেশৰ স’তে মিলি যায় । প্ৰসাধনৰ সামগ্ৰীৰ স’তেও প্লাষ্টিকৰ ক্ষুদ্ৰকণা সংযুক্ত হৈ থাকে । ই বতাহতো ইফাল-সিফাল ক্হ’ব পাৰে । এভাৰেষ্টৰ পৰা মূলতঃ বৰফ আৰু পানীৰ পৰা ১৯ টাকৈ নমুনা গৱেষণাৰ বাবে সংগ্ৰহ কৰা হৈছিল । ইয়াৰে আটাইতকৈ ক্ষুদ্ৰ কণা লাভ কৰা হৈছে ।

এভাৰেষ্টৰ প্ৰতি বৰ্গমিটাৰত অঞ্চলত ৩০ টাৰো অধিক প্লাষ্টিকৰ কণা বৰফৰ স’তে লাভ কৰা হৈছে । সমুদ্ৰ পৃষ্ঠৰ পৰা ৮.৪৪০ মিটাৰ উচ্চতাত লাভ কৰা এই বিপুল পৰিমাণৰ ক্ষুদ্ৰ প্লাষ্টিক কমাই অত্যন্ত আশংকাজনক পৰিস্থিতিৰে উল্লেখ কৰিছে । মূলত পলিয়েষ্টাৰ তথা এক্ৰিলিক জাতীয় ছিন্থেটিক সাজ-পোছাকৰ মাধ্যমত পৃথিৱীৰ শীৰ্ষ চূড়াত আৰোহণ কৰে প্লাষ্টিকে । এক কিলোগ্ৰাম ওজনযুক্ত এটি ছিন্থেটিক কোট অথবা জেকেটৰ পৰা এবছৰত ১০ লাখ ক্ষুদ্ৰ প্লাষ্টিকৰ কণাৰ সৃষ্টি হ’ব পাৰে । মাউণ্ট এভাৰেষ্টৰ দৰেই একে পৰিস্থিতিৰ উদ্ভৱ হৈছে দক্ষিণ ফ্ৰান্সৰ পিৰেনিজ পৰ্বতমালাত । পিৰেনিজত এটা বৈজ্ঞানিকৰ দলে পাঁচমাহৰ বাবে বাহৰ পাতিছিল ।

সমুদ্ৰ পৃষ্ঠৰ পৰা ১,৪০০ মিটাৰ উচ্চতাত বৈজ্ঞানিকৰ দলটোৱে চলোৱা গৱেষণাত নমুনা সংগ্ৰহ কৰা স্থানৰ ১০০ কিলোমিটাৰ অঞ্চলত কোনো ধৰণৰ জনবসতি নাছিল । ৩০০ নেন’মিটা ফাঁকযুক্ত ছেকনিক দ্বাৰা সেই স্থানত বৰষুণৰ পানী নমুনাৰ বাবে সংগ্ৰহ কৰিছিল । পাঁচমাহজোৰা এই প্ৰক্ৰিয়াত প্ৰতি বৰ্গমিটাৰত ৩০০ ৰো অধিক ক্ষুদ্ৰ কণা লাভ কৰা হৈছিল । জনপ্ৰাণবিহীন অঞ্চলটোত ক’ৰ পৰা প্লাষ্টিক আহিল সেই দিশটোৰো সন্ধান কৰা হয় । এই সন্ধানত পাঁচ কিলোমিটাৰৰ অধিক দূৰৰ পৰাও বতাহত প্লাষ্টিকৰ কণা উৰি আহি অঞ্চলটোত পৰাৰ বিষয়ে জানিব পাৰে । নিউকাচল বিশ্ববিদ্যালয়ৰ গৱেষকসলৰ দ্বাৰা এই বিষয়ে লাভ কৰা তথ্য নেচাৰ পত্ৰিকাত প্ৰকাশ পাইছে ।

গৱেষকসকলৰ মতে এনে ক্ষুদ্ৰ প্লাষ্টিকৰ কণাৰ গতিপথ ৰুদ্ধ কৰাতো প্ৰায় অসম্ভৱৰ দৰে । গৱেষণাৰ তথ্য অনুসৰি মানুহৰ শৰীৰতো প্ৰতি সপ্তাহত পাঁচ গ্ৰামকৈ মাইক্ৰপ্লাষ্টিকে বিভিন্ন উপায়েৰে প্ৰৱেশ কৰে । নেদাৰলেণ্ড, ফিনলেণ্ড, জাপান, ইংলেণ্ডসহ সাতখন দেশৰ মানুহৰ শৌচ পৰীক্ষা কৰাৰ পাছত তাতো প্লাষ্টিকৰ অৱস্থিতি ধৰা পৰিছে । বহুজাতিক কোম্পানীৰ খাদ্য দ্ৰব্য প্লাষ্টিকত বন্ধাৰ ফলতো প্লাষ্টিকৰ ক্ষুদ্ৰ কণা সংলগ্ন হৈ পৰে । নখন দেশৰ দুশৰো অধিক পানীৰ বতল পৰীক্ষা কৰাৰ সময়তো পানীৰ প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে । যোৱাটো শতিকাৰ ৫০ৰ দশকৰ পাছৰে পৰা বিশ্বত প্লাষ্টিকৰ উৎপাদন যথেষ্ট বৃদ্ধি পায় । শতিকাটোৰ সত্তৰৰ দশকৰ পৰাই সামুদ্ৰিক জীৱৰ শৰীৰত প্লাষ্টিকৰ কণা লাভ কৰা হয় ।

বিষয়টো প্ৰথমে সন্মুখলৈ আনে ইংলেণ্ডৰ প্লাইমাউথ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিচাৰ্ড টমছনে প্লাষ্টিকৰ ক্ষুদ্ৰ কণা সামুদ্ৰিক জীৱই বিভিন্ন ধৰণে খোৱাৰ পাছত এটা সময়ত মাছে খাই এনে জীৱবিলাকক । মাছবিলাক খাই মানুহে ফলত এনেদৰেও মানুহৰ শৰীৰত প্লাষ্টিকৰ ক্ষুদ্ৰ কণাই প্ৰৱেশ কৰে । খাদ্যযৰ দ্বাৰা মানুহৰ পাকস্থলীত প্ৰৱেশ কৰা প্লাষ্টিক শৌচৰ মাধ্যমেৰে ওলাই যায় যদিও বহুখিনি আকৌ পাকস্থলীৰ অন্ত্ৰৰ ভিতৰত জমা হৈ থাকি অন্যান্য মানৱ অংগলৈকো বিয়পি পৰে । সম্প্ৰতি ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজিৰ বিজ্ঞানী চন্দ্ৰশেখৰৰ নেতৃত্বত এই বিষয়ত গৱেষণা আগবঢ়াই নিয়া হৈছে । প্লাষ্টিকৰ ক্ষুদ্ৰ কণাই তেজত প্ৰৱেশ কৰি প্ল’টিনৰ লগত মিলি নানান জটিলতাৰ সৃষ্টি কৰে ।

ইয়াৰে আকাৰত কিছু ডাঙৰ কণিকাই শিলা তথা ধমনীত প্ৰৱেশ কৰি তেজৰ চলাচল পৰ্যন্ত বন্ধ কৰি দিব পাৰে । এটা সময়ত ই তেজৰ ৰক্ত কণিকা তথা শ্বেত কণিকাকো লাহে লাহে ধ্বংস কৰি পেলায় । ফলত শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায় অহাৰ সমান্তৰালভাৱে শৰীৰটো ৰোগে বাস ল’বলৈ ধৰে । নাছাকে ধৰি কে’বাখনো বিশ্ববিদ্যালয়ে যৌথভাৱে এটি আৰ্হি প্ৰস্তুত কৰি উপগ্ৰহৰ মাধ্যমতে পৃথিৱীৰ বিভিন্ন অংশত বতাহৰ গতি বেগৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছে । তাৰ দ্বাৰা প্লাষ্টিকৰ ক্ষুদ্ৰ কণাৰ গতিপথ নিৰ্ধাৰণ কৰাৰো চেষ্টা চলিছে । এই আৰ্হিৰ সহায়ত এভাৰেষ্টলৈ গতি কৰা প্লাষ্টিক সিন্ধু-গংগা অৱবাহিকাৰ পৰা বতাহৰ মাধ্যমত অহাটো প্ৰায় নিশ্চিত হৈছে ।

Exit mobile version