পৰ্যটকৰ বাবে দুৱাৰ মুকলি হ’ল দুহেজাৰ বছৰ পুৰণি চহৰ হেগৰাৰ

hegra 16

ভ্ৰমণপিপাসুসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ছৌদি আৰবে । ক’বা হেজাৰ বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ প্ৰত্নতাত্বিক চহৰ হেগৰাৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে । প্ৰায় দুহেজাৰ বছৰ পাছত সৰ্বসাধাৰণৰ বাবে হেগৰাৰ দুৱাৰ মুকলি কৰি দিয়াৰ পাছত ভ্ৰমণপিপাসুসকলৰ এতিয়া লক্ষ্য হৈ পৰিছে ছৌদি আৰব । হেগৰা ছৌদি আৰবত ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত স্থান । হেগৰা প্ৰতিষ্ঠা কৰিছিল ‘নবতিয়ান’ অৰ্থাৎ প্ৰাচীন আৰববাসীসকলে । এই আৰববাসীসকলেই জৰ্ডানৰ পেত্ৰাস্থিত ‘চিষ্টাৰ চিটি’ৰো প্ৰতিষ্ঠা কৰিছিল । মৰুভূমিৰ বুকুত মূৰ দাঙি উঠা এই বিশাল সাম্ৰাজ্যখন খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ পৰা খ্ৰীষ্টাব্দ প্ৰথম শতিকালৈ বৰ্তি আছিল ।

পৰৱৰ্তী কালত ৰোম সাম্ৰাজ্যৰ অধীনলৈ যা‌য় আৰবৰ এই সাম্ৰাজ্য । উনবিংশ শতিকাত পেত্ৰাক পুনৰ আৱিষ্কাৰ কৰা হৈছিল যদিও দৃশ্যপটৰ আঁৰতে থাকি গৈছিল হেগৰা । কিন্তু হেগৰাত এতিয়াও ঐতিহাসিক গুৰুত্ব সামান্যভাৱেও হ্ৰাস পোৱা নাই । হেগৰাত থকা ১১১টা সমাধি ক্ষেত্ৰৰ ভিতৰত ৯০ টাক পুনৰ সজাই-পৰাই তোলা হৈছে । সমাধি ক্ষেত্ৰবিলাকৰ ভিতৰত সৰহভাগে শিলালিপি খোদাই কৰা আছে ।এই ঐতিহাসিক দলিলবিলাকক কোনাে ধৰণে যাতে নষ্ট কৰা নহয় সেই বিষয়টো সতর্ক কৰি দিয়া হৈছে তদুপৰি ইয়াত আছে নবতিয়ান আমােলৰ গুহাচিত্ৰ আৰু শিলালিপিও। আক্ষৰিক অর্থ এইবিলাক ঐতিহাসিক সমল স্বৰূপ। এনে কাৰণতে ইউনেস্ক’ৰ।বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে হেগৰাক স্বীকৃতি দিয়া হৈছিল।

একমাত্র ইমানেই নহয় নবতিয়ানসকলে কৃষি কার্যতাে অভূতপূর্ব উন্নতি লাভ কৰিছিল।এই উন্নতিৰ চিহ্নও সিঁচৰতি হৈ আছে হেগৰাৰ ঐতিহাসিক সমল হিচাপে। উক্ত সময়ত কৃত্রিমভাৱে পানী সংৰক্ষণৰ চিহ্নৰ এতিয়াও অৱশিষ্ট আছে ছৌদি আৰবৰ এই ঐতিহাসিক ক্ষেত্ৰত। চলিত বৰ্ষৰ প্রথমতেই দেশখনৰ পর্যটন মন্ত্রীয়ে পর্যটন উদ্যোগৰ ঘাটি হ্রাস কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা একাধিক পদক্ষেপ গ্রহণ কৰা হ’ব বুলি জনাইছিল। এনে পদক্ষেপ ভিতৰতে অন্তর্ভুক্ত হৈ আছিল হেগৰাৰ নামাে। কৰনাৰ অন্তত পর্যটকৰ বাবে এতিয়া হেগৰা অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰাটো নিশ্চিত হৈছে। ইতিহাসৰ পৃষ্ঠাত লুকাই থকা হেগৰাই এতিয়া অপেক্ষা কৰিছে পর্যটকলৈ।

Exit mobile version