শতায়ু পাৰ কৰিও সম্পূৰ্ণ সুস্থ চীনৰ ঝাং কেমিন

1606469971 kemmm 1

মদ্যপানেৰেই স্বাস্থ্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে চীনৰ ঝাং কেমিনে । মদ্যপান অথবা ধূম্ৰপানে স্বাস্থ্যৰ ক্ষতি কৰে বুলি সৰ্বজন জ্ঞাত যদিও চীনৰ ঝাং কেমিনে ইয়াৰ বিপৰীতে শতবৰ্ষ পাৰ কৰিবলৈ সক্ষম হৈ সকলোকে অবাক কৰি তুলিছে । এতিয়াও যথেষ্ট স্বাস্থ্যৱান কেমিনে নিয়মীয়াকৈ দৌৰা খোজকঢ়াও অব্যাহত ৰাখিব পাৰিছে । সমান্তৰালভাৱে নিজৰ মনৰ কামনা-বাসনাও পূৰ্ণ কৰি গৈছে এইজন শতায়ুৱে । টেলিভিছনৰ এক সাক্ষাৎকাৰত নিজৰ স্বাস্থ্য ৰক্ষাৰ সকলো ৰহস্য ফাদিল কৰে কেমিনে । বিজ্ঞানী আৰু চিকিৎসকসকলে দাবী কৰা অনুসৰি সুস্থ জীৱন তথা দীৰ্ঘ আয়ুৰ বাবে সকলো বদ অভ্যাস ত্যাগ কৰাটো অপৰিহাৰ্য ।

নিজৰ দীৰ্ঘ জীৱনৰ ৰহস্য ভাঙি কেমিনে কয়, ‘গোটেই জীৱন ধৰি মনৰ ইচ্ছাপূৰ্ণ হোৱাকৈ পুৰা পানৰ লগতে ধূম্ৰপান কৰিছো । যেতিয়াই মন যায় তেতিয়াই সুৰাপান কৰিছো । যিমানেই অস্বাস্থ্যকৰ পৰিৱেশ নহ’ওক কিয় তাৰ প্ৰতি মই গুৰুত্ব দিয়া নাই ।’ কিন্তু সম্পূৰ্ণ খাম-খেয়ালিপূৰ্ণ জীৱনটোৱেও কেমিনৰ বয়স কাঢ়ি নিব পৰা নাই । অৱশ্যে ৩০ বছৰ বয়সৰ পৰা মদ্যপান কিছু হ্ৰাস কৰিছিল কেমিনে । সাক্ষাৎকাৰত সকলো কথা মুকলি কৰিও কেমিনে কয়, ‘৯০ বছৰ বয়স পাৰ হোৱাৰ পাছত ধূম্ৰপান লাগান লগাইছো; কিন্তু এতিয়াও দৈনিক এবাৰকৈ চিগাৰেটত সুখটান একোটা মাৰিবলৈ এৰা নাই । দৈনিক কমকৈ হ’লেও সুৰাপান কৰি আছো ।

খোৱা-লোৱাতো কোনো ধৰণৰ বাচ-বিচাৰ মই নকৰো । মই সকলোকে কওঁ মন খুলি জীৱন যাপন কৰা । সেয়েহে শতবৰ্ষ গৰকাৰ পাছতো মই সুস্থ হৈ আছো ।’ অৱশ্যে কাণেৰে কিছু কমকৈ কথা শুনে কেমিনে । বৰষুণ দিলে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো সমস্যাৰ সন্মুখীন হয় কেমিনে । বৰষুণ দিলে হাতত তুলি লয় সুৰাৰ পিয়লা, হাতত থাকে চিগাৰেট আৰু সন্মুখত বাজি থাকে টেলিভিছন । কেমিনৰ স’তে ঘৰত পাঁচটা প্ৰজন্মই বসবাস কৰে । কিশোৰ অৱস্থাত প্ৰায় ১৫ বছৰ বয়সতে ঘৰ এৰি ওলাই গৈছিল কেমিনে । ২০ বছৰ বয়সৰ পৰা এখন দোকানৰ হিচাপ-পাতি ৰখাৰ কাম লাভ কৰে । দোকানৰ আন কৰ্মচাৰীৰ সংগত পৰি চিগাৰেট টান দিবলৈ আৰম্ভ কৰে । লগে লগে সুৰাপানৰো অভ্যাস আৰম্ভ হয় । ইয়াৰ পাছতো জীৱনত বিশেষ ৰোগত আক্ৰান্ত নোহোৱাকৈ সুস্থ জীৱন অতিবাহিত কৰি আছে । কেমিনৰ সুস্বাস্থ্য দেখি বহু সুৰাপানত অভ্যস্ত লোকে কয়, ‘যিসকলে মদ্যপানৰ বিৰোধিতা কৰে তেওঁলোকৰ মূৰত বজ্ৰ পৰক ।’

Exit mobile version