এইবাৰ অষ্ট্ৰেলিয়াত চীনা আগ্ৰাসন

Iain Mallory 300 226 1

চীনা আগ্ৰাসনৰ কবলত পৰিছে এইবাৰ অষ্ট্ৰেলিয়া । দক্ষিণ এছিয়াৰ বিভিন্ন দেশত সম্প্ৰসাৰণৰ প্ৰচেষ্টা চলাই থকা চীনে অষ্ট্ৰেলিয়াৰ পৰা লীজত লোৱা দ্বীপ এটাত এতিয়া আৰম্ভ কৰিছে নিজৰ প্ৰভুত্ব । ইতিমধ্যে ভূ-লালসাৰ বাবে বিশ্বত বদনামৰ ভাগী হোৱা চীনে লীজৰ চুক্তিক উলংঘা কৰি দ্বীপটো নিজৰ কৰি লোৱাৰ ফন্দি কৰিছে । ভাৰত মহাসাগৰত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰে কান্ধত কান্ধ মিলাই অগ্ৰসৰ হোৱাৰে‌ পৰা বেইজিঙৰ চকুৰ কূটা হৈ পৰিছে অষ্ট্ৰেলিয়া । ইয়াৰ মাজতে দ্বীপটোক লৈ এতিয়া দুয়োখন দেশৰ মাজত তিক্ততা অধিক বৃদ্ধি পাইছে ।

অষ্ট্ৰেলিয়াৰ উত্তৰ-পূৱস্থিত কুইন্সলেণ্ডৰ মেকে চহৰৰ পৰা ৩৮ কিলোমিটাৰ দূৰত‌ থকা ‘কেচউইক’ নামৰ দ্বীপটো ৰোৱা বছৰ চীনৰ ‘চায়না ব্লুম’ নামৰ প্ৰতিষ্ঠানটোৱে ৯৯ বছৰৰ বাবে লীজত লৈছিল । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দ্বীপটোক পৰ্যটনৰ লক্ষ্যৰে নলীজত লৈছিল । পূৰ্বৰে পৰা দ্বীপটোত যথেষ্ট ভিৰ থাকে । সামুদ্ৰিক প্ৰাণী তথা বৰ্ষাৰণ্যৰ বাবে সুনাম থকা দ্বীপটোত বিভিন্ন প্ৰজাতিৰ ঘঁৰিয়ালো দেখিবলৈ পোৱা যায় উপকূল; কিন্তু যোৱাটো বৰ্ষত লীজত লোৱাৰ পাছৰে পৰা দ্বীপটোক লৈ‌ দুয়োখন দেশৰ মাজত বিবাদে গা কৰি উঠে ।

দ্বীপটো লীজত লোৱাৰ পৰা চীনা প্ৰতিষ্ঠানটোৱে এটা খণ্ডত অষ্ট্ৰেলিয়াৰ নাগৰিকৰ প্ৰৱেশ বন্ধ কৰি দিয়ে। পূৰ্বৰে পৰা থকা স্থানীয় বাসিন্দা সকলকো‌ দ্বীপটো এৰিবলৈ বাধ্য কৰা হৈছে যে বাসিন্দাসকলৰ ঘৰবিলাক অধিকাৰ কৰি তাত পৰ্যটকৰ বাবে থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে । চায়না ব্লুমৰ দাবী মতে, দ্বীপটো বৰ্তমান চীনৰ সম্পত্তি । তদুপৰি দ্বীপটো লীজত লোৱাৰ পাছৰে পৰা তাৰ বৈচিত্ৰ্যতা ধ্বংস কৰিবলৈকো আগবঢ়াৰ অভিযোগ উঠিছে চয়না ব্লুমৰ বিৰুদ্ধে । উপকূলত স্থায়ী নিৰ্মাণ আৰম্ভ কৰিবলৈ লোৱাত প্ৰাকৃতিক ভাৰসাম্যও নষ্ট হ’বলৈ লৈছে ।

কেনবাৰ প্ৰসাশনে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা ‘হুইটচানডেজ ৱেচিচ’ৰ প্ৰায় ২০ শতাংশ অঞ্চলো লীজত লোৱা দ্বীপটোৰ অংশত পৰে; কিন্তু উদ্যানৰ অংশটোত স্থানীয় বাসিন্দাসকলে প্ৰৱেশ কৰিব নোৱাৰা কৈ‌ জাননী আৰি দিয়া হৈছে । ছবছৰৰ বাবে দ্বীপটোত এটি ঘৰ ভাড়ালৈ লোৱা এটি পৰিয়ালকো এটিয়া তিনি দিনৰ সময় দি ঘৰ খালী কৰিবলৈ কোৱা হৈছিল । ঘৰ এৰাৰ পাছতো পুনৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৫০ লাখ টকা ক্ষতিপূৰণ হিচাপে দাবী কৰা হৈছে । কোৱা হৈছে তেওঁলোকে ঘৰটোৰ ক্ষতি কৰিছে । সেয়েহে এতিয়া মেৰামতিৰ বাবে ধনৰ প্ৰয়োজন হ’ব ।

দ্বীপটো লীজত ল’লেও কিন্তু ঘৰটো চৰকাৰৰ নাছিল । ব্যক্তিগত ঘৰটো চুক্তি অনুসৰি চীনৰ প্ৰতিষ্ঠানটোৱে লাভ কৰাৰো কথা নাছিল । দ্বীপটোত এতিয়া যিসকল পৰ্যটকে যাব তেওঁলোকে আকাশলংঘী পৰিমাণৰ ধন ব্যয় কৰিব লাগিব । পৰ্যটনৰ বাবে দ্বীপটো লীজত লোৱা দেখুৱালেও অৱশ্যে বৰ্তমানলৈ তেনেকৈ পৰ্যটকৰ আগমনো হোৱা নাই । দেশখনৰ বাসিন্দাসকলে নিজৰ ঘৰবিলাক হোটেল অথবা ৰিজৰ্টলৈ পৰিণত কৰি ‘এয়াৰ বি এন বি’ৰ দৰে ৱেবচাইটত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ‌ বিজ্ঞাপন‌ দিছিল যদিও চীনৰ প্ৰতিষ্ঠানটোৱে এই ক্ষেত্ৰতো‌ নিষেধাজ্ঞা জাৰি কৰিছে ।

যোৱা ছেপ্টেম্বৰৰ পৰা চায়না ব্লুমৰ এজেণ্ট হিচাপে ‘গ্ৰেটন হ’ল্ডিংছ’ নামৰ এটি কোম্পানী সক্ৰিয় হৈছে । এতিয়া স্থানীয় বাসিন্দাসকলে নিজৰ অধিকাৰৰ দাবীত সমগ্ৰ বিষয়টোৰ সু-মিমাংসাৰ পক্ষে মত ব্যক্ত কৰিছে । বিষয়টোক লৈ স্থানীয় বাসিন্দাসকলে দেশৰ পৰিৱেশ তথা বিজ্ঞান বিভাগত ইতিমধ্যে অভিযোগপত্ৰ দাখিল কৰিছে । অভিযোগ সন্দৰ্ভত সমগ্ৰ বিষয়টোৰ পৰ্যালোচনা‌ কৰিছে কেনবাৰ প্ৰসাশনে । সম্প্ৰতি বিভিন্ন চীনা প্ৰতিষ্ঠানৰ হাতত কেচউইকৰ বাহিৰেও দেশখনৰ চেণ্ট বিজ, ভেড্ৰিম আদিকে ধৰি আন বহুকেইটা দ্বীপ লীজত আছে ।

Exit mobile version