কৃষক প্ৰতিবাদক লৈ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে  কৰা মন্তব্যৰ প্ৰত্যুত্তৰ

e964dd37bf98464d996405a87e2021ed e964dd37bf98464d996405a87e2021ed 0 1606817110714 1606817133163

দিল্লীত উত্তাল কৃষি প্ৰতিবাদক লৈ কিছুদিন পূৰ্বে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে উদ্বেগ প্ৰকাশ কৰিছিল ।‌‌ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে কৈছিল, ‘ভাৰতত চলি থকা কৃষি আইন বিৰোধী প্ৰতিবাদ অতি উদ্বেগজনক । শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ ৰক্ষাৰ বাবে কানাডা সদায় প্ৰস্তুত ।’ সেই প্ৰসংগত ভাৰতত নিযুক্ত কানাডাৰ হাইকমিছনাৰক বিদেশ মন্ত্ৰণালয়ত মাতি পঠিয়ায় ।

বৈদেশিক মন্ত্ৰণালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা বিবৃতি অনুসৰি, ‘এই মন্তব্যৰ দ্বাৰা ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা হৈছে । এনেদৰে চলি থাকিলে দুই দেশৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পৰাটো নিশ্চিত । এনে ধৰণৰ মন্তব্য প্ৰদান কৰাৰ বাবে কট্টৰপন্থীসকলে ভাৰতীয় দূতাবাসৰ আগত প্ৰতিবাদ কৰিছে । পৰস্থিতি এনে হৈ পৰিছে যে ভাৰত চৰকাৰে ভাৰতৰ নিৰাপত্তাক লৈ চিন্তিত্ব হৈ পৰিছে ।’ সেয়েহে ৰাষ্ট্ৰদূতক মাতি পথোৱা হৈছে ।

লগতে বৈদেশিক মন্ত্ৰণালয়ে জনায়, ‘আমি আশা কৰো যিকোনো চৰমপন্থী আন্দোলনৰ পৰা কানাডাৰ ভাৰতীয় দূতাবাসৰ লগতে কৰ্মীসকলো চৰকাৰী নিৰাপত্তা পাব ।’

Exit mobile version