চিৰাঙত বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ

736787af 662b 4f37 bfbe ccb6673597da

চিৰাঙত বিটিচি নিৰ্ব্বাচনৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত সিধাপাৰাত আৰক্ষীৰ অভিযান। কেবাঠাইত অভিযান চলাই আৰক্ষীয়ে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰনাস্ত্ৰসমূহ। চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জনায় যে বিটিচি পৰিষদীয় নিৰ্ব্বাচন শান্তিপুৰ্ণ ভাৱে অনুষ্টিত কৰাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে ।

তাৰে ফলস্বৰূপে আজি বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত আজি ৰাতিপুৱা ৬.৩০ বজাৰ পৰা চলোৱা অভিযানত দুপৰীয়া আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়। পলিথিনত মেৰিয়াই পুতিথোৱা অৱস্থাত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ খিনি ক্ৰমে মেগজিনৰ সৈতে এম ২০ পিস্তল এটা,নাইন এম এম পিস্থল ৩ টা,নাইন এম এম পিস্থলৰ মেগজিন ৩ টা, মেগজিনৰ সৈতে ৭.৬৫ এম এম পিস্তল ২ টা,ৰাইফল এটা,চাইনিজ হেণ্ড গ্ৰেণেড দুটা,৩৬ নম্বৰৰ হেণ্ড গ্ৰেনেড দুটা,একেচিৰিজৰ সজিৱ গুলি ৯ টা,নাইন এম এমৰ সজিৱ গুলি ৭ টা,৭.৬৫ৰ সজিৱ গুলি সহ অন্যান্য ১৬ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

জিলা আৰক্ষী অধিক্ষক জনে জনায় যে যিকোনো প্ৰকাৰে জিলাখনত শান্তিপুৰ্ণ ভাৱে পৰিষদীয় নিৰ্ব্বাচন অনুষ্টিত কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। অভিযানতো জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত হৈছিল আৰু ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া,ৰুনিখাতা থানাৰ অচি সহ অন্যান্য আৰক্ষীৰ লোক জড়িত হৈ সাফল্যমণ্ডিত কৰে অভিযান আৰু বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Exit mobile version