‘টাইম’ৰ প্রথম ‘কিড অৱ দ্য ইয়েৰ সন্মান ভাৰতীয় বংশােদ্ভৱলৈ

TIM201207 KOTY.CoverFINAL4

প্রথমবাৰৰ বাবে ‘কিড অৱ দ্য ইয়েৰ’ৰ নাম ঘােষণা কৰিছে প্রসিদ্ধ ‘টাইম’ আলােচনীয়ে। এই অন্যান্য সম্মান লাভ কৰিছে আমেৰিকাৰ কল’ৰাডােৰ বাসিন্দা ভাৰতীয় বংশােদ্ভৱ গীতাঞ্জলি ৰাওৱে। ১৫ বছৰ বয়সীয়া গীতাঞ্জলিয়ে নিজৰ অভিনৱ আৱিষ্কাৰৰ বাবে এই সম্মান লাভ কৰে। গীতাঞ্জলিৰ এই কৃতিত্বক লৈ আনন্দ ব্যক্ত কৰিছে ভাৰতীয়সকলেও। ইয়াৰে ভিতৰত বহুজনে ছ’চিয়েল মিডিয়াৰ মাধ্যমতাে শুভেচ্ছা জনাইছে ‘টাইম’ৰ তৰফৰ পৰা এই সন্দৰ্ভত এঞ্জেলিনা জলীয়ে গীতাঞ্জলিৰ এক সাক্ষাৎকাৰ গ্রহণ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে অধ্যয়ন আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে গীতাঞ্জলি এগৰাকী বিজ্ঞানী তথা আৱিষ্কাৰকো। এতিয়ালৈ বহু নতুন নতুন উদ্ভাৱনী চিন্তাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। নিজৰ আৱিষ্কাৰৰ মাধ্যম। গীতাঞ্জলিয়ে বনােৱা এক ‘ভিডাইচ’ৰ সহায়ত পানীত থকা সীহৰ পৰিমাণ জানিব পাৰি। ইয়াৰ বাহিৰেও এটি ‘এপ’ তথা ক্রোম এক্সটেনছনৰাে সৃষ্টি কৰিছে গীতাঞ্জলিয়ে। যাৰ দ্বাৰা চাইবাৰ অপৰাধক বাধা দিয়াটো সম্ভৱ।

গীতাঞ্জলিক আঠৰ পৰা ১৬ বছৰ বয়সৰ মাজৰ প্রায় পাঁচ হেজাৰ মনােনীতৰ মাজৰ পৰা ‘টাইম’ আলােচনীয়ে বাছনি কৰে এই সন্মানৰ বাবে। টাইম’ৰ তৰফৰ পৰা এই সন্দৰ্ভত সংগ্ৰহ কৰা এক সাক্ষাৎকাৰাে উল্লেখিত আলােচনীখনত প্ৰকাশ কৰা হৈছে। আলােচনীখনৰ তৰফৰ পৰা জনােৱা অনুসৰি গীতাঞ্জলিয়ে বর্তমানৰ সমস্যাবিলাক বিজ্ঞানৰ সহায়ত।সমাধান কৰিবলৈ সক্ষম হৈছে।

Exit mobile version