ডিমেীত বৰ মৌৰ আক্রমণ: ২০ জন আহত

beehive tree branch multipurpose 33632521

ডিমৌত এজাক বৰ মৌ মাখিৰ সন্ত্রাস। ডিমৌৰ কাষৰীয়া শুকানপুখুৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আজি এজাক বৰ মৌৱে হঠাৎ বণচণ্ডি ৰূপ ধাৰণ কৰি ৰহজনক আক্রমণ কৰে৷ ফলত নিতাই-ডিমৌ সংযােগী পথত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়। বৰ মৌৰ আক্ৰমণত আহত ২০ জনতকৈ অধিক লােক ৷ ইয়াৰে গুৰুতৰভাৱে আহত ৬ জনক চিকিৎসালয়ত ভর্তি কৰােৱা হয়। আহতসকলৰ ভিতৰত দুটি শিশুও আছিল।

ADVERTISEMENT

চিকিৎসালয়ত ভর্তি হােৱাসকলক চিকিসৎকে প্রাথমিক চিকিৎসা প্রদান কৰি ঘৰলৈ যাব দিয়ে। স্হানীয় লােকে প্ৰকাশ কৰা অনুসৰি গছত বাঁহ লৈ থকা বৰ মৌৰ জাকটোৱে পথলৈ নামি পথচাৰী আৰু পঞ্চায়ত কার্যালয় লৈ অহা লোকসকলৰ ওপৰত আক্রমণ চলায় ৷পথচাৰী সকলে বাইক-স্কুটি- চাইকেল এৰি পলায়ণ কৰে আৰু বহু কেইগৰাকী মহিলাই পঞ্চায়ত কার্যালয়ৰ ভিতৰত নিৰাপদে আশ্রয় লয় ৷

Exit mobile version