আগন্তুক দশকত দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ২০ কোটি লােক

unnamed 1

কৰ’না সংক্ৰমণৰ প্ৰৰােক্ষ প্রভাৱ অহা এটা দশক ধৰি অব্যাহত থাকিব। সবাতােকৈ অধিক প্রভাৱিত হ’ব আর্থিকভাবে পাছ পৰা সর্বসাধাৰণ মানুহ। কাৰণ অহা দশকত ব্যাপক হাৰত বৃদ্ধি পাব দৰিদ্ৰ লােকৰ সংখ্যা। দুবেলা-দুমুঠি লাভ নকৰাকৈয়ে কটাব লাগিব বহু মানুহে। ৰাষ্ট্ৰসংঘৰ নতুন প্রতিবেদন অনুসৰি আগন্তুক দশকটোত বিশ্বজুৰি ২০ কোটিৰাে অদিক লােক দাৰিদ্র সীমাৰেখাৰ তললৈ যাব। দেশবিলাকৰ আর্থিক অগ্রগতি ৰুদ্ধ প্রায় কৰি তুলিছে কৰ’না সংক্রমণে।

সংস্থাপন হেৰুৱাইছে কোটি কোটি লােকে। ফলত দেশবিলাকৰ আর্থিক বৃদ্ধি তথা জীৱন-যাপনৰ মান স্তব্ধ হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ এই প্রতিবেদনৰ পাছত এতিয়া আতংক অধিক বৃদ্ধি পাইছে। আনহাতে, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যসূচীৰ নতুন গৱেষণাপত্র প্রকাশ পােৱা অনুসৰি আগন্তুক দশকটোত বিশ্বত দৰিদ্ৰ লােকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। ফলত সমগ্র বিশ্বজুৰি দাৰিদ্র সীমাৰেখাৰ তলৰ লােকৰ মুঠ সংখ্যাই এশ কোটিৰ সীমাক পাৰ কৰি যাব। কৰনাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হােৱাৰ লগতে বিশ্বজুৰি পৰিস্থিতি অধিক শােচনীয় হৈ পৰিব।

গৱেষণাপত্ৰত আৰু কোৱা হৈছে যে পুৰুষৰ তুলনাত মহিলাৰ পৰিস্থিতি অধিক অৱনতি হ’ব। অহা দশকটোত ১০২ নিযুত মহিলা দাৰিদ্র সীমাৰেখাৰ তললৈ যাব। এনে পৰিস্থিতিত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ আশংকা কৰা হৈছে। ইয়াৰ পূর্বাভাস দিছে আই এম এফৰ পৰাও। বিশ্ব খাদ্য কর্মসূচীৰ তৰফৰ পৰাও ২০২১ত আৰু অধিক বিপদ বৃদ্ধিৰ আশংকা কৰা হৈছে। এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্রহণ নকৰিলে দুর্ভিক্ষৰাে আশংকা কৰা হৈছে বিশেষজ্ঞসকলৰ মতে প্রতিষেধক অহাৰ পাছত কৰ’নাক বিশ্বই পৰাজিত কৰিব; কিন্তু ইয়াৰ আঘাত থাকি যাব। যাৰ প্রভাব অনাগত ১০ বছৰত ভােগ কৰিবলগীয়া হ’ব বিশ্বই।

Exit mobile version