ইংলণ্ডত প্রথমে প্রতিষেধক দিয়া হ’ব চাৰি লাখ ২৫ হেজাৰ প্রবীণক

Queen Elizabeth II in March 2015

ইংলণ্ডৰ সাধাৰণ ৰাইজক উৎসাহিত কৰিবলৈ কৰ’না প্রতিষেধক ল’বলৈ সাজু হৈছে ৰাণী দ্বিতীয় এলিজাবেথ আৰু স্বামী প্রিন্স ফিলিপ। দেশখনৰ চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি ৮০ বছৰ অথবা তাতকৈ অধিক বয়সৰ লােকসকলৰ মাজত অগ্রাধিকাৰ ভিত্তিত ৰাণী আৰু প্রিন্সক কৰ’না প্রতিষেধক প্রদান কৰা হ’ব। অৱশ্যে প্রতিষেধকৰ বাবে আন পাঁচজনৰ দৰে তেওঁলােক দুগৰাকীয়েও অপেক্ষা কৰিব লাগিব। প্রিন্স ফিলিপতকৈ পূর্বে ৯৪ বছৰ বয়সীয়া ৰাণী দ্বিতীয় এলিজাবেথক প্রথমে প্রতিষেধক প্রদান কৰা হ’ব। ইয়াৰ বাবে দুটামান সপ্তাহ অপেক্ষা কৰিলেই হ’ব; কিন্তু তেওঁৰ ৯৯ বছৰ বয়সীয়া স্বামী প্রিন্স ফিলিপে কেতিয়া প্রতিষেধক ল’ব এতিয়াও চূড়ান্ত হােৱা নাই। অৱশ্যে দুয়ােকে প্রতিষেধক ল’বলৈ তেওঁলােকৰ ব্যক্তিগত চিকিৎসকে পৰামর্শ প্রদান কৰিছে।

ইফালে, প্রিন্স ফিলিপ তথা ৰাণী এলিজাবেথ দুয়াে প্রতিষেধক মুকলিমূৰীয়াকৈ ল’ব নে নাই সেই নিশ্চিত হােৱা নাই। প্রধানমন্ত্রী ৰবিছ জনছনৰ চৰকাৰৰ এটি অংশই বিচাৰিছে ৰাণী এলিজাবেথ আৰু স্বামী প্রিন্স ফিলিপে মুকলি মূৰীয়াকৈ প্রতিষেধক গ্রহণ কৰক। এনে কৰিলে প্রতিষেধক সম্পর্কে সাধাৰণ মানুহৰ ভয় কিছু হলেও হ্রাস পাব। অৱশ্যে এই বিষয়ত ৰাজ পৰিয়ালৰ সন্মতি লাভ কৰা হৈছে নে নাই সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হােৱা নাই।ৰাজ পৰিয়ালৰ সূত্ৰৰ খবৰ মতে যুৱৰাজ চার্লছ আৰু তেওঁৰ পুত্র উলিয়ামে প্রতিষেধক লােৱাৰ সিদ্ধান্ত লৈছে। প্রতিষেধক ল’লেও সেয়া আগন্তুক বৰ্ষৰ প্রথমৰ ফালেহে সম্ভৱ হ’ব।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সম্ভৱতঃ সিদ্ধান্ত লােৱা মতে স্বাস্থ্য কেন্দ্রবিলাকত প্রথমে অতিকৈ বয়ােজ্যেষ্ঠ লােকসকলকহে প্রতিষেধক দিয়া হ’ব। এই সংখ্যা প্রায় চাৰি লাখ ২৫ হেজাৰ হ’ব। ইয়াৰ পাছত ১৫ লাখ স্বাস্থ্যকর্মীক প্রতিষেধক দিয়া হ’ব। তৃতীয় পর্যায়ত ৮০ বছৰ বয়সৰ অধিক প্রায় ৩৩ লাখ লােকক প্রতিষেধক দিয়া হ’ব। চতুর্থ পর্যায়ত ১৫ লাখ সমাজকর্মীক প্রতিষেধক দিয়া হ’ব। পঞ্চম পর্যায়ত ৭৫ বছৰৰ অধিক বয়সৰ লােকসকলক প্রতিষেধক দিয়া হ’ব। এই সংখ্যা হ’ব প্রায় ২২ লাখ। ষষ্ঠ পর্যায়ত ৬৫ বছৰৰ অধিক বয়সৰ ৩৪ লাখ লােকক প্রতিষেধক দিয়া হ’ব।

Exit mobile version