এইবাৰ যমুনামূখত বিধায়কৰ গুণ্ডাগিৰী৷ বিধায়কক প্ৰশ্ন সোধা লোকক আক্ৰমণ বিধায়কৰ গুণ্ডাবাহিনীৰ৷ কিন্তু কিয়? কাৰণো ক’লে স্বয়ং বিধায়কে৷ বছৰৰ বেছিভাগ সময় বিদেশত থাকি নিৰ্বাচনত মনত পৰিল সমষ্টিলৈ৷ এতিয়া গাঁৱে গাৱেঁ ঘুৰিছে যমুনামূখৰ বিধায়ক আব্দুৰ ৰহিম আজমল৷ কিন্তু দীৰ্ধদিন ধৰি সমষ্টিত নথকাত ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে আজমল তনয়৷ বিগত এমাহ ধৰি আব্দুৰ ৰহিম য’তেই গৈছে ৰাইজৰ ৰোষত পৰিছে৷
ক’ৰবাত ৰাইজে দেখুৱাইছে কলা পতাকা, ক’ৰবাত আগুচি ধৰি কৰিছে প্ৰশ্নবান৷ মুঠতে এক প্ৰকাৰ গণৰোষত আজমল পুত্ৰ৷ ফলত এইবাৰ নিজেও লৈছে আক্ৰমণৰ পথ৷ এইবাৰ আক্ৰমণ কৰিলে বিধায়কৰ সংগো-পাংগোৱে ৷ আজি ডবকা চিকিৎসালয়ত সংঘটিত এই ঘটনা ৷ চিকিৎসালয়ত উপস্থিত হৈছিল বিধয়কজন । বিধায়কক আগুচি ধৰি আন দিনাৰ দৰে আজিও প্ৰশ্ন কৰিছিল একাংশ লোকে৷ লগে লগে প্ৰশ্ন কৰ্তাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে বিধায়কৰ সংগো-পাংগো সকলে৷
উল্লেখ্য যে চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়ীত্বত আছে যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমল৷ সেয়ে আজি ডবকা চিকিৎসালয়ত উপস্থিত হয় বিধায়কজন ৷ তেনে সময়তে ৰাইজে বিগত দিনত ভোগী অহা হাৰাশাস্তিৰ কাৰণে বিধায়কৰ সন্মুখত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে৷ তাতে খৰ্গহস্ত হৈ আক্ৰমণ কৰে প্ৰশ্ন কৰ্তাক৷ জানিব পৰা মতে, বিধায়কৰ অনুপস্থিতিত বিধায়কৰ নমিনী হিচাপে সমষ্টিৰ দায়ীত্বত আছিল মোহাম্মদ আলী নামৰ লোক এজন৷
এই মহাম্মদ আলীও কোনো দিনে ৰাইজৰ কাষত অহা নাছিল৷ তাৰোপৰি আজিৰ আক্ৰমণৰ ঘটনাৰ নেতৃত্বতো আছিল বিতৰ্কিত মোহাম্মদ আলী নামৰ লোকজন৷ ইফালে এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ যমুনামুখত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিধায়কেও স্বীকাৰ কৰিলে মাৰপিটৰ কথা৷ তেওঁৰ যুক্তি হ’ল, ‘সদায় মোৰ সভাত বাধা দিব সদায় সহ্য কৰিম নেকি? আমাৰ মানুহৰো খং উঠিছিলে সেয়েহে মাৰিছে৷’ এয়া এজন দায়ীত্বশীল বিধায়কৰ ভাষ্য৷