বটদ্ৰৱাৰ চালনাবড়িত দিন ডকাইতি

ronb

নগাঁও জিলাৰ ধিঙৰ চালনাবড়িত আজি সংঘটিত হয় এক চাঞ্চল্যকৰ দিন ডকাইটিৰ ঘটনা। এই ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ধিং চালনাবড়িৰ ‘আশা মাইক্র’ ফাইনেঞ্চ’ৰ মেনেজাৰক চোকাঅস্ত্ৰৰে আঘাত কৰি লুটি লৈ যায় ধন ।

ধিং থানাৰ এলেকাধীন আহুমগাওঁ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত চালনাবড়ি গাঁৱৰ পৰা মেনেজাৰজনে কিস্তি টকা সংগ্ৰহ কৰি ধিঙলৈ গৈ থকা অৱস্থাত এখন মটৰচাইকেলেৰে অহা তিনি জনীয়া এটি দুৰ্বৃত্তৰ দলে বাট আগুচি ধৰি তেওঁক চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি নগদ ৫০,০০০টকা লগতে বহু নথি-পত্ৰ কাঢ়ি লৈ যায়। ইতিমধ্যে আহোমগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version