চিৰাং জিলাত বিজেপিৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি আজি মুখ্যমন্ত্রী সোণোৱালে বিজনী উলুবাৰী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা জনসভাত অংশগ্রহণ কৰি কয় যে ,দুর্নীতি–ভ্রষ্টাচাৰ নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমমর্যাদা– সমঅধিকাৰেৰে ন্যায় প্রতিষ্ঠা কৰি শান্তি–ঐক্য আৰু ভাতৃত্ববোধেৰে জাকত জিলিকা বি টি আৰ প্রতিষ্ঠা কৰা হ’ব ৷’ তেওঁ বিটিচিত বিপিএফ ৰ ১৫ বছৰীয়া শাসন কালত সংঘটিত অন্যায়, প্রতাৰণা আৰু শোষণৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় ৷
এইবাৰ বিটিচিত বিজেপিৰ পৰিষদ গঠন হ’ব বুলি দাবী কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে শান্তি, প্রগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ প্রধান লক্ষ্য ৷ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা লোকৰ মিলনভূমি এই অসম ভূমিত সদায়ে সমন্বয় আৰু ভাতৃত্ববোধ জীয়াই ৰাখি প্রতি পৰিয়ালক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে স্থায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে ৷
উক্ত সভাত ভাগ লৈ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বিজনীৰ ১৮ নম্বৰ মানাস চেৰফাং সমষ্টিত ৩০খন বিচনা যুক্ত চিকিৎসালয় স্থাপন, এখন ডিগ্রী কলেজ স্থাপন লগতে অঞ্চলটোত হাতী উপদ্ৰৱ হেতু বনৰীয়া হাতী প্ৰতিৰোধী বৈদ্যুতিক বেৰ নিৰ্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে ৷ লগতে আজিৰ জনসভাত , ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা উপস্থিত থাকি উন্নতি, শান্তি, প্রগতিৰ স্বার্থত বিজেপি দলৰ প্রার্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷