সু্স্থ গণতন্ত্ৰৰ বাবে ছ’চিয়েল মিডিয়াৰ স্বাধীনতা খৰ্ব কৰা অনুচিতঃ এটৰ্ণী জেনেৰেল

media comments on pending cases in court try to influence judges kk venugopal 403757

যিকোনো সুস্থ গণতন্ত্ৰৰ বাবে ছ’চিয়েল মিডিয়াত আলোচনাৰ স্বাধীনতা থকা একান্ত প্ৰয়োজন বুলি কয় ভাৰতৰ এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে । শেহতীয়া এক সাক্ষাৎকাৰত এটৰ্ণী জেনেৰেল বেণুগোপালে কয়, ‘যিকোনো সুস্থ গণতন্ত্ৰৰ বাবে ছ’চিয়েল মিডিয়াৰ আলোচনাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰা উচিত নহয় । উচ্চতম ন্যায়ালয়েও বিৰল ঘটনাসমূহৰ বাহিৰে ছ’চিয়েল মিডিয়াৰ আলোচনাত হস্তক্ষেপ নকৰে ।’ লগতে তেওঁ কয় যে ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰাটো ‘অপ্ৰয়োজনীয়’ ।

চৰকাৰেও তেনে কোনো আইন প্ৰণয়ন উচিত নহয় । কাৰণ দেশত উন্মুক্ত গণতন্ত্ৰ থকা প্ৰয়োজন ।  যদি কোনো ঘটনা‌ সংঘটিত হয় তেতিয়া আইনে পদক্ষেপ লোৱা উচিত আৰু ন্যায়ালয়ে সেইটো পদক্ষেপ ল’ব । ন্যায়ালয়ৰ অবমাননা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সামগ্ৰিক ভূমিকা এটৰ্ণী জেনেৰেল বেণুগোপালে কয়, ‘যেতিয়ালৈকে কোনো বিষয়ে ন্যায়ালয়ৰ অবমাননা নকৰে তেতিয়ালৈকে ন্যায়ালয়ে সেই বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে ।’

Exit mobile version