বিজনীত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ভৱেশ কলিতা, যোগেন মোহন

efa5a263 bb07 43f3 8939 a6d917ac1f20

বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। এই অন্তিম দিনটোত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে চিৰাং জিলাৰ বিজনীত উপস্থিত হয় অসমৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণিন্দ্ৰ নাথ শৰ্মা। বিটিচিৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ সমষ্টিটোৰ ১ নং বিষ্ণুপুৰ বজাৰ আৰু ২ নং বিষ্ণুপুৰ বজাৰত দুখনকৈ সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মটৰ চাইকেল সমদলতো অংশগ্ৰহণ কৰে।

মন্ত্ৰী তিনিগৰাকীয়ে ভাষণত বিপিএফৰ ১৫ বছৰীয়া শাসনত কৰা দুৰ্নীতি আৰু অপশাসনৰ কথা উল্লেখ কৰি ৰাইজক পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিটিচি নিৰ্বাচনত বিজেপিয়ে বিকাশৰ বিষয়লৈ অৱতীৰ্ণ হৈছে বুলি মন্তব্য কৰে আৰু ইয়াত বিটিচিবাসী ৰাইজে সন্তুষ্ট হৈছে বুলি কোৱাৰ লগতে ৰাইজ বিজেপিৰ লগত আছে, ৰাইজে বিজেপিকে ভোট দিব আৰু এইবাৰ বিটিচিত বিজেপি চৰকাৰ নিশ্চিত বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।

আনহাতে তেওঁ ভাষণত কয় যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত ধনী ৰাজ্য হবলৈ গৈ আছে, বিটিচি দুৰ্বল হৈ থাকিলে নহব, গতিকে বিটিচিত বিজেপি চৰকাৰ হলেহে অসমখন ধনী ৰাজ্য বুলি আমি কব পাৰিম। তেওঁ লগতে বিপিএফক সমালোচনা কৰি কয় যে বিটিচি যদি হৈছে একমাত্ৰ বিজেপিৰ আশীৰ্বাদত হৈছে, কিন্তু ইয়াত উন্নতি কৰিব পৰা নাই গতিকে বিটিচিত পৰিবৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও তেওঁ হিন্দু বাঙালী সকলক উদ্দেশ্যি বিজেপিয়ে এন আৰ চি মানি লোৱা নাই বুলি কয়।

তেওঁ হিন্দু বাঙালী সকলক ভয় নকৰিবলৈ আহ্বান জনাই এন আৰ চিৰ জৰিয়তে কোনো নাগৰিকৰ নাগৰিকত্ব কটা নাযায় বুলি অভয়বানী প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে বিটিচিত প্ৰৱেশ কৰি যিবোৰ ৰাস্তা প্ৰত্যক্ষ কৰিলে ২১ শতিকাত এনে ৰাস্তা থাকিব পাৰে বুলি ভাবিব নোৱাৰো বুলিও মন্তব্য কৰে । আনফালে নিৰ্বাচনী সভাত উপস্থিত থাকি মন্ত্ৰী ভৱেশ কলিতাই প্ৰথম পৰ্যায়ত হৈ যোৱা নিৰ্বাচনত বিজেপিয়ে সৰহ সংখ্যক আসন দখল কৰিবলৈ সক্ষম হ’ব বুলি কয়। আনহাতে বিপিএফে নীল মাৰিব অৰ্থাৎ শূন্য আসন পাব বুলি কয়।

ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দুই এখন আসন পাব পাৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে। বিটিচিত শান্তি আৰু প্ৰগতিৰ বাবে সমগ্ৰ ৰাইজে বিজেপিক ভোট দিয়া বুলি উল্লেখ কৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত চিৰাং আৰু কোকৰাঝাৰতো পঞ্চাশ শতাংশ চিট বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। নিৰ্বাচনী সভাত মন্ত্ৰী তিনি গৰাকীৰ উপৰিও চিৰাং জিলা বিজেপিৰ সভাপতি বিপ্লৱ দেৱনাথ, ১৮ নং মানাস ছেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মও উপস্থিত থাকে।

Exit mobile version