মহানগৰীৰ পাথৰকুৱেৰিত সংঘটিত নৃশংস হত্যাকাণ্ড

9de2bdf0 8779 4f09 8171 acdb2e36dbf3

পাথৰকুৱেৰিত এজন যুৱকক হানি খুচি হত্যা দুৰ্বৃত্তৰ ।মৃত যুৱকজনৰ ঘৰ ছয়মাইলৰ ৰাধা নগৰত । সোমবাৰে নিশা কামৰ বাবে ওলাই গৈছিল মুন্না আৰু নিশা পলম হোৱাত ঘৰলৈ উভতি নহা মুন্নাক বিচাৰ খুচাৰ কৰে পৰিয়ালে ।

তাৰ পাছতে মঙ্গলবাৰে পুৱা শীলসাঁকো বিলৰ পাৰত উদ্ধাৰ হয় মুন্নাৰ তেজেৰে লুতুৰী পুতুৰী হৈ থকা মৃতদেহ । মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মুন্নাৰ পৰিয়ালক খবৰ দিয়ে । উল্লেখযোগ্য যে,মুন্না আলিয়ে ৰাজ মিস্ত্ৰীৰ কাম কৰি পৰিয়ালটোৰ পোহপাল দি আছিল। এতিয়া এই ঘটনাটোৱে অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে।

Exit mobile version