দক্ষিণৰ টেলিভিছন অভিনেত্ৰী চিত্ৰাক হোটেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ

202012090905213472 Pandian Stores fame VJ Chitra dies by suicide SECVPF

কিছু বছৰ পূৰ্বেই তামিল চলচ্চিত্ৰ ইণ্ডাষ্ট্ৰিত  জনপ্ৰিয় হৈ উঠিছিল চিত্ৰা । টেলিভিছনৰ ‘পাণ্ডিয়ান ষ্ট’ৰ্চ’ নামৰ টেলিভিছন শ্ব’ট অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু ভি জে চিত্ৰাৰ সাত বছৰৰ কেৰিয়াৰ থমকি ৰ’ল তেওঁৰ ৰহস্যময় মৃত্যুত । চিত্ৰাৰ জন্ম ২ মে’ ১৯৯২ত ।

২০১৩ত ‘সত্তম ছ’লভথো ইন্না’ নামে টেলিভিছন শ্ব’ট এংক’ৰিং কৰি চিত্ৰাই টেলিভিছন ইণ্ডাষ্ট্ৰিত পাতনি মেলে । ইয়াৰ পাছত কে’বাখনো শ্ব’ট চিত্ৰাই এংক’ৰিং কৰাৰ সুযোগ লাভ কৰে । সম্প্ৰতি অভিনেত্ৰীগৰাকী চলিত বৰ্ষৰ আগষ্টত এংগেজদ হয় ব্যৱসায়ী হেমন্তৰ স’তে ।

আজি পুৱা অভিনেত্ৰীগৰাকীক চেন্নাইৰ বাহিৰৰ ‘নজৰথপেত্তই হোটেল’ৰ কোঠালীত মৃত অৱস্থাত পোৱা গৈছে । সূত্ৰ অনুসৰি ছুটিং উপলক্ষ্যে হোটেলত আছিল চিত্ৰা । হোটেলত তেওঁৰ প্ৰেমিক তথা ভাৱি স্বামীও আছিল তেওঁৰ লগত ।

যোৱা কালি চুটিংৰ পৰা উভতি অহাৰ পাছত চিত্ৰাক হোটেলৰ কোঠালীত ফাঁচী লগা অৱস্থাত উদ্ধাৰ কৰা ক্ষয় । আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, অভিনেত্ৰী গৰাকীয়ে আত্মহত্যা কৰিছে আৰু তদন্ত কৰি আৰ্থিক সমস্যাৰো সন্দেহ কৰিছে ।

Exit mobile version