বাক্সাত গোৱৰ্দ্ধনাৰ দুঠাইত ভয়ংকৰ অগ্নিকাণ্ড

WhatsApp Image 2020 12 09 at 5.32.38 PM

বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ শ্বাহ আলম নামৰ ব্যক্তিজনৰ ঘৰত আজি দিনৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ছৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় এক লাখ টকাৰ বয়বস্তুৰ ক্ষতিসাধন হয় বুলি জিনিব পৰা গৈছে ৷

বুধবাৰে দিনৰ প্ৰায় ১১ বজাত গোৱৰ্ধনা থানাৰ নিচেই কাষৰ যুৱ ব্যৱসায়ী শ্বাহ আলমৰ ঘৰত জুইৰ ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ ঘটনাস্থলীত খবৰ পোৱাৰ লগে লগে গোৱৰ্দ্ধনা থানাৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হয় যদিও শ্বাহ আলমৰ পৰিয়ালৰ সকলো বয়বস্তুৰ লগতে দুই লাখ টকা পুৰি ছাই হৈ যায় ৷

ইফালে গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত কুছিয়াখান্দা গাওঁৰ আব্দুল ছাত্তাৰৰ ঘৰতো কালি নিশা খেৰৰ পুঁজিত অগ্নি সংযোগ হৈ ৩০ বিঘা ধানখেতিৰ খেৰ পুৰি ছাই হৈ যায় ৷ এই ঘটনাটো কোনো দুৰ্বৃত্তই সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷

উক্ত ঘটনাৰ তদন্ত বিচাৰি গোৱৰ্দ্ধনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোক আব্দুল ছাত্তাৰে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ছয় ঘন্টাজুৰা চেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় ৷

Exit mobile version