বোকাজানৰ লাহৰীজানত মৰণাস্ত্ৰ সহ তিনি নগা যুৱক আটক

WhatsApp Image 2020 12 09 at 6.37.00 PM

এক গোপন সুত্ৰৰ পম খেদি আজি আৰক্ষীয়ে বিয়লি ভাগত খটখটী থানাৰ অন্তৰ্গত লাহৰীজানৰ পৰা এটা ৭.৬৫ পিষ্টল আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে তিনি নগা যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱক কেইজন হ’ল ক্ৰমে ডিমাপুৰৰ বেঞ্জামিন চ’হে, নিকা আওমি আৰু মমেণ্ট’ চুমি ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, সীমান্তৱৰ্তী লাহৰীজানত এটা যুৱকৰ দলে মৰণাস্ত্ৰসহ বিচৰণ কৰাৰ খবৰ লাভ কৰি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তাৎক্ষণিক অভিযান চলাই নগা যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে যুৱক কেইজনে ব্যৱহাৰ কৰা এন.এল০৭আৰ৬৪৮৫ নম্বৰৰ এখন বাইকো জব্দ কৰে ৷ ইপিনে কি কাৰণত যুৱক কেইজনে মৰণাস্ত্ৰসহ সীমান্ত অঞ্চলত ফুৰিছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Exit mobile version