হেজাৰ হেজাৰ কৃষকে দিল্লীৰ সীমান্তত অব্যাহত ৰাখিছে প্ৰতিবাদ

0.38985900 1607432237 farmer main 1

বিগত ১৩দিন ধৰি চলি আছে কৃষকৰ বিক্ষোভ প্ৰতিবাদ। তিনিখন আইন বাতিলৰ দাবীত বাৰে বাৰে সংশোধনী প্ৰস্তাৱ কেন্দ্ৰৰ।মঙ্গলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰব্যাপী ভাৰতবন্ধৰ পিছতে কৃষকৰ প্ৰতিবাদী দলৰ স’তে বৈঠকত মিলিত হয় যদিও ব্যৰ্থ হয় বৈঠক ।আনহাতে আজি অনুষ্ঠিত হ’ব লগা ষষ্ঠ খন বৈঠকো বাতিল কৰে।

ADVERTISEMENT

ইফালে আজি কৃষকৰ সংগঠন সমূহে ভৱিষ্যতে কি কাৰ্যসূচী গ্ৰহণ কৰিব তাৰ বাবে নিজৰ মাজতে আজি বিয়লি এখন আলোচনাত বহিব।লগতে বিভিন্ন বিৰোধী দলৰ প্ৰতিনিধিয়েও কৃষকৰ বিষয়ত আজি ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দৰ স’তে সাক্ষাৎ হ’ব।

আনহাতে ১৩ দিনৰ জোৰা এই প্ৰতিবাদত বৰ্তমানলৈকে কৃষকৰ মৃত্যুৰ সংখ্যা হৈছে পাঁচ জন ।মঙ্গলবাৰে পুৱা হাৰিয়ানাৰ এজন কৃষকৰ মৃত্যু হয়।জানিব পৰা মতে,শীতক ভ্ৰূক্ষেপ কৰি হাৰিয়ানাৰ অজয় মুৰে যোৱা ১০দিনৰ পৰা সহ প্ৰতিবাদীসকলৰ স’তে ছিংঘু সীমান্তত প্ৰতিবাদ চলাই আহিছিল ।

Exit mobile version