চিৰাং নিৰ্বাচনী কেন্দ্ৰত আৰক্ষীৰ শূন্যলৈ গুলি চালনা

Screenshot 112

চিৰাঙৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ ৮৫ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰ দত্তপুৰ প্ৰাথমিক বিদ‍্যালয়ত এজন শাৰিৰীকভাৱে সক্ষম লোক অহাত তেওঁৰ কোনো সহযোগী নাছিল বাবে সুৰ্য‍্য বসুমতাৰী নামৰ এজন থাৰ্ড পোলিং বিষয়াই সহযোগ কৰিবলৈ যোৱাত তেওঁ কোনো বিশেষ দলক দেখুৱাই দিয়াৰ সন্দেহ কৰি বিষয়াজনক ওলিয়াই আনি মাৰপিট কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন‍্যলৈ গুলিচালনা কৰিবলগীয়া হয়। ৪০ মিনিট সময় ভোটদান স্থগিত থাকে যদিও পিচত ভোটদান নিয়মিত হয় কটকটীয়া নিৰাপত্তাৰ মাজত। বিটিএডি আইজিপি অনুৰাগ আগৰৱালা, জিলা উপায়ুক্ত গৌতম তালুকদাৰ , অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি ঘটনাস্থলিত উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

Exit mobile version