দিল্লীৰ নৱনির্মিত সংসদ ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Modi

বৃহস্পতিবাৰে দিল্লীৰ নৱনির্মিত সংসদ ভৱনৰ ভূমি পূজন কৰি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ৯৭১কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব এই নতুন সংসদ ভৱন। এই ভৱনটোৰ ৬৪,৫০০ বৰ্গমিটাৰৰ ক্ষেত্ৰত নিৰ্মান হ’ব।

ADVERTISEMENT

৭৫সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে নিৰ্মাণ কৰি উলিওৱা হ’ব নতুন সংসদ ভৱনটো। পূৰ্বতে থকা ভৱনটোৰ কাষতে নিৰ্মান কৰা হ’ব সংসদৰ নতুন ভৱন। লগতে এই ভৱনটোত থাকিব সকলো সাংসদৰে পৃথক কাৰ্যালয় আৰু থাকিব আধুনিক ডিজিটেল সুবিধা।

আনহাতে সংসদ ভৱনটোত একেলগে বহিব পাৰিব  ১২২৪ জন সাংসদ। বিশেষভাৱে নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব ভৱনটোত।

Exit mobile version