পাঠশালাত অগপ ৰ দ্বাৰা কেন্দ্ৰীয় ভাৱে ছহিদ দিৱস উদযাপন

11420ba5 9aa2 4900 8fa2 437a8614c457

আগন্তুক বিধান সভা নিৰ্বাচনত বিগত নিৰ্বাচনৰ দৰে অগপ ৰ হাতত সকলো সমস্তি থাকিৱ নে নাই সেয়া আজি এ স্পষ্ট নহয় যদিও জনপ্ৰিয়তাৰ ভিত্তিত কিছু সাল সলনি হব পাৰে আৰু এনে বিষয় বিজেপিৰ সতে পৰ্যালোচনা কৰিহে দিয়া হব, অৱশ্যে বিগত নিৰ্বাচনত কৈ কিছু সাল সলনি দেখা পোৱা যাব l পাঠশালাত আজি ছহিদ দিৱস কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনে গুৰুত্বপূৰ্ণ মত পোষণ কৰে অগপ মন্ত্ৰী ফনিভুষন চৌধুৰী য়ে l

একেলগে মন্ত্ৰী কেশব মহন্ত ই ও বিজেপিৰ সতে আলোচনাৰ অন্তত টিকেট কেন্দ্ৰীক সিধান্ত লোৱা হব বুলি ও মত পোষণ কৰে l ইয়াৰ মাজতে পাঠশালাৰ স্হানীয় ভগৱতী ক্ষেত্ৰত আজি অগপ ই কেন্দ্ৰীয় ভাৱে উদযাপন কৰে ছহিদ দিৱস l অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত আজি ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে l

উক্ত অনুষ্ঠানত আজি অগপ ৰ প্ৰায় আটাইকেইজন শীৰ্ষ নেতা উপস্থিত থাকে l সেই অনুসাৰে আজি পাঠশালাৰ স্হানীয় ভগৱতী ক্ষেত্ৰত ৰাতিপুৱা অগপ নেতা তথা বৰপেটা সমস্তিৰ বিধায়ক গুণীন দাসে পতাকা উত্তোলন কৰে l তাৰ পিছতে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা কান্ত তালুকদাৰে ছহিদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে l সতীৰ্থ সোঁৱৰন কাৰ্য্যসুচী মুকলি কৰে ডাঃ কমলা কান্ত কলিতা ই l

অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ মুকলি সভাত অগপ ৰ সভাপতি অতুল বৰা মন্ত্ৰী কেশব মহন্ত, ফনি ভূষন চৌধুৰী, সাংসদ বীৰেন বৈশ্য, অগপ ৰ, অগপ ৰ উপ সভাপতি, সুনীল ডেকা, মুখপাত্ৰ ড০ তপন দাস, উপ সভাপতি আক্ৰাম হুছেইন, লগতে জনপ্ৰিয় কণ্ঠশিল্পী তথা অগপ নেত্ৰী কল্পনা পাটোৱাৰী উপস্থিত হৈ আজি ছহিদৰ ত্যাগক সোঁৱৰণ কৰে। মঞ্চই আজি ছহিদক সোঁৱৰন কৰি কন্ঠশিল্পী কল্পনা পাটোৱাৰী য়ে গোৱা গীত আৰু কণমানি শিল্পী নিশান্ত ই গোৱা গীতে উপস্থিত জনতাক সন্মোহিত কৰে l

অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পাটাছাৰকুছি অগপ বিধান পৰিষদৰ দ্বাৰা ছহিদ সকলক সোৱৰন কৰি বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ও ৰূপায়ন কৰা হয় l স্হানীয় অগপ নেতা বুবুল আহমেদ, ৰাতুল ৰয়, লগতে অগপ নেতা ধ্ৰুব দত্ত আদি য়ে এই কাৰ্য্যসূচী ৰূপায়ন কৰি আজি ছহীদক সোঁৱৰন কৰে l বিশেষ ভাৱে বহু প্ৰত্যাহ্বানৰ মাজতে অগপ ৰ ছহিদ দিৱসৰ এনে সফল পৰিনতি হোৱা বাবে পাটাছাৰকুছি অগপ বিধান পৰিষদৰ সভাপতি জিন্টু চৌধুৰী আৰু সম্পাদক বুবুল আহমেদে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে .

Exit mobile version