শ্ৰীৰামপুৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

Screenshot 116

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা সময়ত তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ শ্ৰীৰামপুৰ ১০১৯ নম্বৰ ৰিফিউজী মধ্য ইংৰাজী বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং কৰিবলৈ অহা দুই যুৱকক স্হানীয় লোকে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

ৰাইজে অভিযোগ কৰে যে তেওঁলোকে বিজেপিৰ হৈ ৰিগিং কৰিব আহিছিল। পাছত যুৱক দুজনক বলপূৰ্বক ভাৱে মুকলি কৰিবলৈ আকমাৰ প্ৰাক্তন উপ সেনাধ্যক্ষ তথা বৰ্তমানে বিজেপিৰ হৈ কাম কৰা চুনকা হাসদা ওৰফে ৰতন টুডুৱে উৎপাত কৰে। ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হয়। অৱশেষত আৰক্ষীৰ উপস্থিতিত শান্ত হ’ল পৰিস্থিতি।

Exit mobile version